
ডিজিটেল সংবাদ, দুমুনিচকী: যোৱা ১১ আগষ্টত অসমৰ কেইবাখনো জিলাৰ ৪৬ খন ঠাই নগৰীকৰণ কৰা হোৱা সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে বিজ্ঞপ্তি প্ৰকাশ কৰা হয়। উক্ত ৪৬ খন ঠাইৰ ভিতৰত কামৰূপ (গ্ৰাম্য) জিলাৰ- বিজয় নগৰ, বকো, ছয়গাঁও, চাংসাৰী, বাইহাটা চাৰিআলি আৰু কমলপুৰক অন্তৰ্ভুক্ত কৰা বুলি চৰাকাৰৰ তৰফৰ পৰা বিজ্ঞপ্তিত প্ৰকাশ কৰা হয়।
চৰকাৰৰ এই নগৰীকৰণ সন্দৰ্ভত ৰাইজৰ দলৰ উপ-সভাপতি হৰেশ্বৰ বৰ্মন আৰু জাতীয় যুৱ বাহিনীৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ সম্পাদক চৈয়দ ইস্কন্দৰ মজিৱে এক সংবাদ মেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংবাদ মেলত প্ৰকৃততে কোনো গাঁৱক নগৰ কৰা উদ্দেশ্য নহয় বুলি মন্তব্য কৰে দলটোৰ বিষয়া হৰেস্বৰ বৰ্মনে।
নিজকে জাতিপ্ৰেমীৰ ছদ্মবেশ ধাৰণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নগৰীকৰণৰ প্ৰলোভন দেখুৱাই প্ৰকৃততে তলি উদং কৰা ৰাজভৰাল টনকিয়াল কৰিবলৈ ঔপনিৱেশিক কৰ আৰু ৰাজহ নীতি প্ৰৱৰ্ত্তন কৰা বুলি সংবাদ মেলত উল্লেখ কৰে।
বৃটিছৰ আমোলত প্ৰণয়ন কৰা Assam Land Revenue Re-Assessmant act ১৯৩৬ অনুসৰি নগৰীকৰণ কৰাৰ ঘোষণা কৰা উক্ত অঞ্চল সমূহ প্ৰকৃততে টাউন কৰাৰ পৰিৱৰ্তে উক্ত আইন অনুসৰি বৃটিছৰ শাসনকালত যেনেদৰে ৰাজহ দিয়াৰ ক্ষেত্ৰত (অধিক হাৰত) পুনৰ ৰাজহ মূল্যায়ন কৰা হৈছিল। সেই একেটা কৰ নীতিৰ অধীনত টাউন কৰা অঞ্চল সমুহৰ পৰা কৰ সংগ্ৰহ কৰা হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উপ-সভাপতি বৰ্মনে।
ইয়াৰ উপৰিও কামৰূপ জিলাৰ যি কেইটা অঞ্চল নগৰীকৰণ কৰা হোৱাৰ কথা ঘোষণা কৰা হৈছে উক্ত অঞ্চল সমুহতকৈ নগৰীকৰণ নকৰাকৈয়ে বহুতো উন্নত অঞ্চল আছে বুলি সংবাদ মেলত প্ৰকাশ কৰি অঞ্চল সমুহৰ নামো উল্লেখ কৰে। তাৰ তুলনাত নগৰীকৰণৰ তালিকাভূক্ত হোৱা কমলপুৰ বাইহাটা চাৰিআলি আদি অঞ্চল নগৰৰ নুন্যতম পৰিকাঠামো নাই বুলি সংবাদ মেলত মন্তব্য কৰে দলটোৰ বিষয়া গৰাকীয়ে।
আনহাতে শাসকীয় বিজেপি চৰকাৰে ২০১৭ চনত প্ৰস্তুত কৰা Assam State capital region devlopment act অনুসৰি উক্ত আইনত নগৰ উন্নয়ন মন্ত্ৰালয়ক হে চৰকাৰে অন্তৰ্ভুক্ত কৰা বুলি প্ৰকাশ কৰি তাত গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ক অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলিও অবগত কৰে। নগৰীকৰণ সন্দৰ্ভত তীব্ৰ বিৰোধিতা কৰি সেয়া প্ৰকৃততে তলি উদং কৰা ৰাজভৰাল টনকিয়াল কৰাৰ বাবে ৰাজহ সংগ্ৰহ কৰাৰ কৌশল বুলি উল্লেখ কৰে।