/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/fff.jpg)
ডিজিটেল ডেস্ক: বিশিষ্ট সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ আৰু নাই।শিশু সাহিত্য, নাটক, গীত , কবিতা আদি সকলো ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা বৰঠাকুৰ আছিল প্ৰয়াত বিশিষ্ট নাট্যকাৰ, সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ ভাতৃ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা হৰেন্দ্ৰ নাথ বৰঠাকুৰে শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমী সন্মানো লাভ কৰিছিল।
মাকুমৰ বাসগৃহত বিশিষ্ট সাহিত্যক গৰাকীয়ে শেষ নিস্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত দুজন পুত্ৰ, দুগৰাকী কন্যাক সহ আত্মীয় স্বজনক এৰি থৈ যায়।
অসমৰ নাট্য জগতলৈ আছিল তেওঁৰ বিশেষ বৰঙণি।নাট্য সন্মিলণিৰ কৰ্মকৰ্তা সকলে তেখেতৰ বাসগৃহলৈ গৈ খবৰ লৈছিল। তেখেতৰ মৃত্যুত বিভিন্ন দল সংগঠনে গভীৰ শোক ব্যক্ত কৰিছে।
আৰু পঢ়ক: প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র দিলীপ কুমাৰ শৰ্মাৰ পদত্যাগ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us