চিৰাঙৰ বিজনীত হস্তনিৰ্মিত বন্দুক উদ্ধাৰ...

চিৰাঙৰ বিজনীত হস্তনিৰ্মিত বন্দুক উদ্ধাৰ...

চিৰাং জিলাৰ বিজনী থানাৰ বড়োবাজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ২ নং দাৰাংগাত বৃহস্পতিবাৰে বিয়লি এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰা হয়।

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বিজনী থানাৰ বড়োবাজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ২ নং দাৰাংগাত বৃহস্পতিবাৰে বিয়লি এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰা হয়। প্ৰাপ্ত খবৰ অনুসৰি গাঁওখনৰ খেতি পথাৰৰ সমীপত থকা বাঁহ গছৰ মাজত পৰি থকা অৱস্থাত হস্তনিৰ্মিত বন্দুকটো উদ্ধাৰ হৈছে । স্থানীয় কেইজনমানলোকে বাঁহ কাটিবলৈ যোৱাত বাঁহনিৰ মাজত হস্তনিৰ্মিত বন্দুকটো প্ৰত্যক্ষ কৰে ।

ইয়াৰ পিছতেই গাঁওখনত ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় । পিছত একাংশ সচেতন ৰাইজে বড়োবাজাৰ আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ হস্তনিৰ্মিত বন্দুকটো উদ্ধাৰ কৰি লৈ যায় । কোনে কি পৰিস্থিতিত হস্তনিৰ্মিত বন্দুকটো বাঁহৰ মাজত লুকুৱাই ৰাখিছিল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ।

চিৰাঙৰ বিজনীত হস্তনিৰ্মিত বন্দুক উদ্ধাৰ...
জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে জয়ন্ত মল্লবৰুৱাৰ মত বিনিময়..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in