হাজোত ৰাইজৰ ভয়ত পুঠিমাৰি নৈত জাপ দিলে চোৰে...

হাজোত ৰাইজৰ ৰোষ দেখি পুঠিমাৰি নৈত জাপ দিলে চোৰে...

author-image
Asomiya Pratidin
New Update
হাজোত ৰাইজৰ ভয়ত পুঠিমাৰি নৈত জাপ দিলে চোৰে...

ডিজিটেল সংবাদ,হাজোঃ হাজোৰ দক্ষিণ বৰ্ধিত সংঘটিত হৈছে আজৱ কাণ্ড। ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ চোৰে জাপ দিলে পুঠিমাৰী নৈত। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চফিকুল ৰহমান আৰু তহিদূৰ আলী নামৰ দুজন চোৰ আধিয়াপাৰাৰ পৰা দক্ষিণ বৰ্ণিলৈ এখন চুৰি স্কুতি বিক্ৰী কৰিব আনিছিল।

Advertisment

এজন লোকৰ স'তে কথা বতৰা চলি থকা সময়তে স্থানীয় ৰাইজে চোৰ দুজনৰ আবদ্ধ কৰাৰ চেষ্টা কৰে। ৰাইজৰ ক্ষুব্ধ ৰূপ দেখি প্ৰাণৰ মমতাত তহিদূৰ আলী নামৰ চোৰজনে পুঠিমাৰী নৈত জাপ দিয়ে। ইফালে লগে লগে ৰাইজে আৰক্ষীক খবৰ কৰাত ঘটনাস্থলীত ৰামদিয়া আৰক্ষী উপস্থিত হয়।

স্থানীয় ৰাইজৰ তৎপৰতাত ৰামদিয়া আৰক্ষীয়ে তফিকুৰ ৰহমান আৰু তহিদ আলীক ঘটনাস্থলীৰ পৰা আটক কৰি লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Also Read: বোকাজানৰ পুৰণা লাহৰিজানত প্ৰায় ১ কোটি ১৫ লাখ টকাৰ মূল্যৰ কানি জব্দ

haju theft