/asomiyapratidin/media/media_files/2025/04/16/wmBdOGcoGatEEd2aCpL8.jpg)
ডিজিটেল সংবাদ,হাজোঃ শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুওৱা একাংশ ছাত্ৰ-ছাত্ৰীক আজি কমলপুৰৰ উখুৰা জ্ঞানোদয় উন্নয়ন সমিতিৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয়।
উখুৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত অৰ্ধ শতাধিক কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। সভাত ছাত্ৰ-ছাত্ৰী সকলক কিতাপ,গামোচা,মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।