ডিজিটেল সংবাদ,হাজোঃ সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰ বিন্দু হাজো সমষ্টিৰ এখন চৰকাৰী বিদ্যালয়। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ এক যোগাত্মক কৰ্মৰাজিৰ বাবে আজিৰ তাৰিখত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে বিদ্যালয়খন।
চৰকাৰী মাধ্যমৰ গৰমশুং প্ৰাথমিক বিদ্যালয়তকৈ সর্বশ্রেষ্ঠ মন্দিৰ একোৱে হব নোৱাৰে। তাৰে প্ৰমাণ দাঙি ধৰিলে এইখন গৰমচুং প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে। বিদ্যালয়খনত জিৰণিৰ সময়ত ছাত্ৰ-ছাত্ৰীক দিয়া হয় ভক্তি গীতৰ প্ৰশিক্ষণ।
লগতে দিহা নাম,নাগাৰা বাদন,তাল বাদনৰ প্ৰশিক্ষণ। মহাপুৰুষ জনাৰ অমৰ সৃষ্টিৰাজি সন্দৰ্ভত কণ কণ ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে বিদ্যালয়খনৰ শিক্ষকে।প্ৰধান শিক্ষক প্ৰাণেশ্বৰ হীৰা,সহকাৰী শিক্ষক দয়াৰাম কলিতা আৰু অংগনৱাডী কৰ্মী অঞ্জনা মহন্তই প্ৰতিদিনে ছাত্ৰ-ছাত্ৰী সকলক এই প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
যিটো সময়ত একাংশ যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱা দেখা গৈছে,তেনে সময়ত এই সকল কণ কণ ছাত্ৰীক সৰুৰ পৰাই অধ্যাত্মিক দিশত ব্ৰতী কৰি ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই। জিৰণি সময়ত ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ ভিতৰতে গুৰু জনাৰ সৃষ্টিৰাজি অনুশীলন কৰোৱা কাৰ্যই বিদ্যালয় খনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।