হাজো ৰাজীৱ ভৱনত কংগ্ৰেছী নেতাৰ বিৰুদ্ধে সংবাদ মেল

বিক্ৰী হোৱা নেতাৰ বিৰুদ্ধে হাজো ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰি ক্ষোভ উজাৰে হাজো ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  ৰুবুল আলীয়ে।

author-image
Asomiya Pratidin
New Update
vv

ডিজিটেল সংবাদ,হাজোঃ  হাজোত নিৰ্বাচন কেন্দ্ৰীক সংঘাতক লৈ উত্তপ্ত পৰিস্থিতি। ধনৰ বিনিময়ত হাজো ব্লক কংগ্ৰেছৰ সভাপতি অজিত ঠাকুৰীয়া আৰু জিলা সভাপতি কংকন দাস বিক্ৰী হোৱাৰ অভিযোগত আজি হাজো ৰাজীৱ ভৱনত দুই কংগ্ৰেছী নেতাৰ বিৰুদ্ধে সংবাদ মেল সম্বোধন কৰে কংগ্ৰেছ নেতাই।

Advertisment

কেইবাটাও জিলা পৰিষদ আৰু পঞ্চায়তত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ ওচৰত বিক্ৰী হৈছে কংগ্ৰেছৰ নেতৃত্ব। বিক্ৰী হোৱা নেতাৰ বিৰুদ্ধে হাজো ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰি ক্ষোভ উজাৰে হাজো ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  ৰুবুল আলীয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওচৰত হাজোত কংগ্ৰেছ দলক ধ্বংশ কৰাৰ আঁৰত থকা দুই নেতাৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে।

হাজো