হাজোত শৰীৰ কলা প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত

হাজোত শৰীৰ কলা প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
হাজোত শৰীৰ কলা প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত

ডিজিটেল সংবাদ,হাজোঃ হাজোৰ বিহদিয়াত অনুষ্ঠিত হয় শৰীৰ কলা প্ৰদৰ্শন প্ৰতিযোগিতা। অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাখনত অংশ লয়। টিকু ফিটনেছ জিমৰ উদ্যোগত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয়।

Advertisment

এই প্ৰতিযোগিতাত মুখ্য বিচাৰক হিচাপে উপস্থিত থাকে প্ৰাক্তন মিষ্টাৰ ইউনিভাৰ্ছ অচ্যুত কলিতা। আজিৰ প্ৰতিযোগিতাখন জুনিয়ৰ মাধ্যম আৰু চিনিয়ৰ মাধ্যমত অনুষ্ঠিত হোৱা বুলি আয়োজক সমিতিয়ে জানিব দিয়ে। শৰীৰ চৰ্চাৰ খেলুৱৈ সকলে নিজ নিজ শৰীৰ প্ৰদর্শন কৰি উপস্থিত থকা ৰাইজক আপ্লুত কৰে।

Also Read: চিবিআই,ইডি,গুডি মিডিয়া,ইনকাম টেক্স, এইবোৰ মিলিহে বিজেপিঃ সাংসদ অজিত ভূঞা

haju body building