প্ৰায় প্ৰতিদিনে জব্দ হৈছে ড্ৰাগছ; এইবাৰ হাজোৰ বৰ্ণিত আৰক্ষীৰ অভিযান, আটক...

ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছৰ অবৈধ বেহা। যাৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিন ধৰি সৰৱ হৈ পৰিছে আৰক্ষী প্ৰশাসন

author-image
Asomiya Pratidin
New Update
কোলাপথাৰ লখিমীনগৰত গাঁও উন্নয়ন সমিতি গঠন...

AGRANI KHABAR

ডিজিটেল ডেস্ক : ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছৰ অবৈধ বেহা। যাৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিন ধৰি সৰৱ হৈ পৰিছে আৰক্ষী প্ৰশাসন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলোৱাৰ পৰিলক্ষিত হয়।

শণিবাৰে নিশা ঠিক তেনে এক অভিযান চলাই হাজো আৰক্ষীয়ে। হাজোৰ বৰ্ণিৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে। অভিযানত জব্দ কৰা হয় ২০.৫ গ্রাম ড্রাগছ। লগতে আটক কৰা হয় ৩ ড্রাগছ সৰবৰাহকাৰীক। আটকাধীন সৰবৰাহকাৰীকেইজন হ'ল ক্ৰমে পিংকু আলী, ৰাজুল আলী আৰু আবেদ আলী।

ইয়াৰে পিংকু আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰা হয় ১০৯ টা কণ্টেইনাৰ। আনহাতে আবেদ আলীৰ বাসগৃহৰ পৰা জব্দ কৰা হয় ১০টা কণ্টেইনাৰ আৰু কেইবাটাও পেকেট। উল্লেখ্য যে, ৰাজু আলীক ড্রাগছখিনি বিক্রী কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে তিনিও জনকে।

Also Read: আজিৰে পৰা মথুৰাপুৰত ফুৰালুং সমাজৰ কেন্দ্ৰীয় অধিৱেশন

Assam police