হাজোৰ আধিয়াৰপাৰাত নাও খেল প্ৰতিযোগিতা...

হাজোৰ  আধিয়াৰপাৰাৰ ভৈৰাটোতা নৈৰ বুকুত অনুষ্ঠিত হয় হোলোং নাও খেল প্ৰতিযোগিতা। নাওখেল চাবলৈ মানুহ আৰু মানুহ।ব্যাপক হৰসল্লাহৰ মাজত হাজোৰ আধিয়াৰ পাৰাত অনুষ্ঠিত হৈছে ৰোমাঞ্চকৰ

author-image
Asomiya Pratidin
New Update
nsu

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ  আধিয়াৰপাৰাৰ ভৈৰাটোতা নৈৰ বুকুত অনুষ্ঠিত হয় হোলোং নাও খেল প্ৰতিযোগিতা।
নাওখেল চাবলৈ মানুহ আৰু মানুহ।ব্যাপক হৰসল্লাহৰ মাজত হাজোৰ আধিয়াৰ পাৰাত অনুষ্ঠিত হৈছে ৰোমাঞ্চকৰ পৰাম্পাগত নাও খেল প্ৰতিযোগিতা। হাজোৰ আধিয়াৰপাৰাৰ চাহমিলন সংঘই   আধিয়াৰ পাৰাৰ ভৈৰাটোলা নৈ বুকুত অনুষ্ঠিত কৰে হোলোং নাও খেল প্ৰতিযোগিতা।

পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ হিল দল ভাঙি মানুহ আহিল আধিয়াৰ পাৰাৰ ভৈৰাটোলা নদীৰ ঘাটলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৯টা দলে হোলোং নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।হাজাৰ হাজাৰ দৰ্শকৰ উৎসাহ উদ্দীপনাৰ মাজত অনুষ্ঠিত হয় নাও খেল প্ৰতিযোগিতা।

ব্যাপক হৰসল্লাহৰ মাজত বৰ্ণিৰ দ্বীনদয়াল নামৰ দলটোৱে প্ৰথম পুৰাস্কাৰ লাভ কৰিবলৈ সক্ষম হয় আৰু কোৱাৰপুৰৰ আলিফ লাইলা‌ নামৰ দলটোৱে দ্বিতীয় পুৰস্কাৰ লাভ কৰে।আশাকৰা হৈছে  পৰাম্পৰাগত নাও খেল প্ৰতিযোগিতা চলি আহিছে আৰু ভৱিষ্যতে চলি থাকিব। খেলখন শান্তিপূৰ্ণ  ভাৱে  পৰিচালনা কৰাৰ বাবে  উদ্যোগতা আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

হাজো