দুৰ্গা পূজাৰ আনন্দৰ মাজতে হাজোৰ ৰাজপথত যুৱকক ঘপিয়াই হত্যাৰ অপচেষ্টা...

দুৰ্গা পূজাৰ আনন্দৰ মাজতে হাজোৰ ৰাজপথত যুৱকক ঘপিয়াই হত্যাৰ অপচেষ্টা...
দুৰ্গা পূজাৰ আনন্দৰ মাজতে হাজোৰ ৰাজপথত যুৱকক ঘপিয়াই হত্যাৰ অপচেষ্টা...

ডিজিটেল সংবাদ হাজোঃ ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাক লৈ উখল মাখল পৰিবেশ অব্যাহত থকাৰ সময়তে হাজোত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। হাজোৰ দামপুৰ আমদলাত এজন কাবুলিৱালাই সৃষ্টি কৰিছে তীব্ৰ সন্ত্ৰাস।

কাবুলিৱালাৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে বিভিন্নজন। মৃদুল আলী নামৰ এজন কাবুলিৱালাই চলাইছে এই সন্ত্ৰাস।

উল্লেখ্য যে, মৃদুল আলী নামৰ এই কাবুলিৱালৰ সৈতে সূত্ৰপাত হোৱা কাজিয়া প্ৰত্যক্ষ কৰিবলৈ গৈছিল আজিজুৰ ৰহমানৰ নামৰ এজন লোক। কিন্তু তাৰ মাজতে মৃদুল আলীয়ে আজিজুৰ ৰহমানৰ ডিঙি, হাত, মুখমণ্ডলত আঘাত কৰি ঘপিয়াই হত্যাৰ চেষ্টা চলাই যদিও কথমপি ৰক্ষা পৰে।

ৰাজপথতে গুণ্ডাগিৰী চলোৱা মৃদুল আলীৰ এই অপকৰ্ম স্থানীয় লোকৰ মোবাইলত আৱদ্ধ হৈছে। ইয়াৰ পাছতে সামাজিক মাধ্যমত এই ঘটনাৰ দৃশ্য বিয়পি পৰিছে। ফলত হাজোত চাঞ্চল্য সৃষ্টি হৈছে।

উল্লেখ্য যে মৃদুল আলীয়ে ধন সুতলৈ দি সৰ্বসাধাৰণ লোকক ব্যাপক অত্যাচাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। তেওঁৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

সেয়ে অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যি সময়ত ৰাজ্যৰ আৰক্ষী, প্ৰশাসনে অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ পণ লৈছে, ৰাজ্যজুৰি বিভিন্ন অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সেই সময়ত মৃদুল আলীৰ দৰে অপৰাধীৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু কিদৰে মুকলিকৈ ৰাজপথত সন্ত্ৰাস চলাবলৈ সক্ষম হৈছে তাকে লৈ প্ৰশ্নও উত্থাপন হৈছে।

দুৰ্গা পূজাৰ আনন্দৰ মাজতে হাজোৰ ৰাজপথত যুৱকক ঘপিয়াই হত্যাৰ অপচেষ্টা...
পাকিস্তানত হিন্দু,মুছলমানৰ দেৱী আৰাধনা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in