৩ মিনিট পলম হোৱাৰ বাবেই এম্বুলেঞ্চ চালকক প্ৰহাৰ

হাজোত সংঘটিত হৈছে এম্বুলেঞ্চ চালকক দলবদ্ধ আক্ৰমণ কৰা ঘটনা।

author-image
Asomiya Pratidin
New Update
৩ মিনিট পলম হোৱাৰ বাবেই এম্বুলেঞ্চ চালকক প্ৰহাৰ

ডিজিটেল সংবাদ, হাজোঃ হাজোত সংঘটিত হৈছে এম্বুলেঞ্চ চালকক দলবদ্ধ আক্ৰমণ কৰা ঘটনা। হাজোৰ বুল্লট চড়াবড়ী বিলপাৰ গাঁৱত সংঘটিত এই ঘটনাই তীব্ৰ চঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ ৩ মিনিট পলম হোৱাৰ বাবেই ১০৮ সেৱাৰ চালক আৰু টেকনিচিয়ানক দলবদ্ধভাবে আক্ৰমণ কৰে ৪০ জনীয়া এটা দুৰ্বৃত্তৰ দলে। অৱশ্যে ঘটনাৰ সন্দৰ্ভত আক্ৰমণকাৰী স্বামীদুল আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Advertisment

এম্বুলেঞ্চৰ ভিতৰত সোমাই চালক বুবুল দাস আৰু টেকনিচিয়ান ছাহজাহান আলীক আক্ৰমণ কৰাৰ অভিযোগ স্বামীদুল আলীৰ বিৰুদ্ধে। উল্লেখযোগ্য যে গাঁওখনৰ এটি শিশু পানীত পৰি অসুস্থ হোৱাত ফোন যোগে চৰকাৰী ১০৮ সেৱা মাতিছিল। গাঁওখনলৈ যোৱাৰ পথত বিবাহৰ পেণ্ডেল থকা হেতুকে এম্বুলেঞ্চখন ৩ মিনিট পলম কৈ পাইছিল গৈ উক্ত স্থানত। তাতেই খড়্গহস্ত হৈ প্ৰায় ৪০ জনীয়া এটা দলে বাৰুকৈ প্ৰহাৰ কৰে এম্বুলেঞ্চ সেৱাৰ দলটোক।

এই ঘটনাৰ সন্দৰ্ভত ১০৮সেৱা ইউনিয়নে হাজো আৰক্ষীত দাখিল কৰে এক এজাহাৰ। এজাহাৰৰ ভিত্তিত মূল অভিযুক্ত স্বামীদুল আলীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলক আক্ৰমণ কৰা দুৰ্বৃত্তৰ দলটোক অতিশীঘ্ৰে আটক কৰিবলৈ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে।

Also Read: বটদ্ৰৱাৰ আকাশীগংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত "পত্নী প্ৰসাদ নাট"

Assam police