/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/hajjj.jpg)
ডিজিটেল ডেস্ক: কভিড কালৰ পাছত পুনৰ আৰম্ভ হজ যাত্ৰা। ৫ জুনত আৰৱলৈ গুৱাহাটীৰ পৰা ৰাওনা হ'ব প্ৰথমটো হজ যাত্ৰীৰ দল। পুৱা ১০.৩০ বজাত হাজিমুছাফিখানাৰ পৰা বিমান বন্দৰলৈ আৰু দিনৰ ডেৰ বজাত গুৱাহাটী বিমনা বন্দৰৰ পৰা আৰৱলৈ ৰাওনা হ'ব উত্তৰ পূৱৰ প্ৰথম খন বিমান।
৬ জুনৰ পৰা ১৭ জুনলৈ প্ৰতি দিনেই দুখনকৈ বিমান ৰাওনা হ'ব আৰৱলৈ। এই সন্দৰ্ভত উত্তৰ পূৱ হজ যাত্ৰা অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে কয় যে জিলাৰ উপায়ুক্ত , হজ কমিটিৰ অধ্যক্ষ সকলক হজ যাত্ৰী সকলক গুৱাহাটীত সুকলমে উপস্থিত কৰাবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰপাছতেই গুৱাহাটীত সকলো ধৰণৰ সহায় কৰা হ'ব।
উল্লেখ্য যে, বহু নতুন নিয়ম জাৰি কৰিছে আৰৱ চৰকাৰে । সেই নিয়ম অনুসৰি ৫০ শতাংশ হজ যাত্ৰী কৰ্তন কৰিছে। যাৰ বাবে ৬৫ বছৰৰৰ তলৰ লোকসকলহে কেৱল যাব পাৰিব হজলৈ।
জামানে কয় যে অসমৰ প্ৰতিজনে হজ যাত্ৰীয়ে ডিঙিত গামোচা লৈ হজ কৰিব আৰু যি হোটেলত থাকিব সেই হোটলেত উৰুৱাই ৰখা হ'ব গামোচা। কিয়নো ই আমাৰ স্বাভিমান লগতে বিশ্বৰ বুকুত জিলিকি উঠিব।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ ২৩ গৰাকী বিষয়-ববীয়া আৰৱলৈ যাব আৰু এই হজ যাত্ৰাৰ নামত ব্যয় হ'ব প্ৰায় ৪ লাখ ৩৯ হাজাৰ টকা।
জামানে লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। লগতে তেওঁ প্ৰায় ৩০০০ হজ যাত্ৰীক পাৱাৰ বেংক প্ৰদান কৰিছে।