চৰণেহে জানে মৰণৰ ঠাই ! দুৰ্বৃত্তই ফোন কৰি মাতি নি হত্যা কৰিলে চালকক

ধৃত দলটোৱে ব্যৱহাৰ কৰা ফোন নম্বৰৰ ভিত্তিতেই প্ৰাথমিক তদন্তৰ সম্ভাৱনা আছে
চৰণেহে জানে মৰণৰ ঠাই ! দুৰ্বৃত্তই ফোন কৰি মাতি নি হত্যা কৰিলে চালকক

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক হত্যাকাণ্ড। চিনেমাৰ কায়দাৰে দুৰ্বৃত্তই হাইলাকান্দিৰ এগৰাকী খাটিখোৱা লোকক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰামতে হাইলাকান্দি জিলাৰ মানিপুৰ চাহ বাগিছাত সংঘটিত হৈছে এই পাষৱিক ঘটনা। পোহৰলৈ অহা খবৰ অনুসৰি প্ৰায় ৩-৪জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে ফালাল উদ্দিন আনছাৰি নামৰ লোকজনক হত্যা কৰা বুলি জানিব পৰা গৈছে। পেচাত অট' চালক আনছাৰিক অচিনাক্ত দৃৰ্বৃত্তৰ দলটোৱে ফোন কৰি মানিপুৰ চাহ বাগিছালৈ মাতি নিয়ে।

আৰু উক্ত স্থানতে দুৰ্বৃত্তৰ দলটোৱে লাঠিৰে মৰিয়াই মৰিয়াই অট' চালক আনছাৰিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনছাৰিয়ে অকাল মৃত্যুক সাৱটি ল'ব লগা হয়। অৱশ্যে কি কাৰণত এনে এটা অনাকাঙ্খিত ঘটনা সংঘটিত হ'ল, সেই সন্দৰ্ভত এতিয়ালৈ কোনো তথ্য আহি পৰা নাই।

ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অৱ্যাহত ৰাখিছে। ধৃত দলটোৱে ব্যৱহাৰ কৰা ফোন নম্বৰৰ ভিত্তিতেই প্ৰাথমিক তদন্তৰ সম্ভাৱনা আছে। ইফালে উক্ত হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি স্থানীয় দল আৰু ৰাইজে থানা ঘেৰাও কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে। আনহাতে অকাল মৃত্যুক আঁকোৱালি লোৱা আনছাৰিৰ পৰিয়ালে স্থানীয় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

চৰণেহে জানে মৰণৰ ঠাই ! দুৰ্বৃত্তই ফোন কৰি মাতি নি হত্যা কৰিলে চালকক
কি কি বিষয়ৰ আধাৰত আলফা-চৰকাৰৰ শান্তি চুক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in