হাইলাকান্দিত চাইকেল বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

হাইলাকান্দিত চাইকেল বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা
Published on
Updated on

ডিজিটেল ডেস্ক: তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে বৰাক উপত্যকা ভ্ৰমণলৈ অহা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ আবেলি হাইলাকান্দিত অনুষ্ঠিত এটা অনুষ্ঠানত অংশ লৈ ৰাজ্য চৰকাৰে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা চাইকেল বিতৰণ কাৰ্যসূচীৰ আৰম্ভণি কৰে।

উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত প্ৰায় ৩.৬৯ লাখ শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰাৰ আঁচনিৰ অধীনত ৰাজ্যযুৰি কাৰ্যসূচী গ্ৰহণ কৰিছে। মন্ত্ৰী হাজৰীকাই বৃহস্পতিবাৰে অংশ লোৱা হাইলাকান্দি জিলাত মুঠ ৭৭৪৯ গৰাকীয়ে চৰকাৰৰ পৰা চাইকেল লাভ কৰিছে। 

মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে জিলাখনত চাইকেল বিতৰণ কাৰ্যসূচী আৰম্ভ কৰি উপস্থিত প্ৰায় তিনি হাজাৰোধিক শিক্ষাৰ্থীক উদ্দেশ্যি কয় যে, তেওঁলোকে জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰমেৰে পঢ়া-শুনা কৰিবই লাগিব। কঠোৰ অধ্যৱসায়েৰে ভাৰতীয় নাগৰিকে ভাৰততে আনুষ্ঠানিক শিক্ষা লাভ কৰি গুগল, মাইক্ৰ'চফ্ট আদি বৃহৎ কোম্পানীৰ শীৰ্ষ পদবী লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থী সকলক ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনায়।

প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া, চিকিৎসক, বিজ্ঞানী আদিৰ লগতে আজিকালি ৰাজনীতিৰ ক্ষেত্ৰখনত সফল হ'বলৈও আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, শিক্ষা অবিহনে জীৱনত কোনো ক্ষেত্ৰতে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাযায়। আনহাতে শিক্ষা আৰু প্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালভাৱে সকলোৱে সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিব লাগে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই শিক্ষাৰ্থীসকলক দেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধ হৈ জীৱনত আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায়।

বৃহস্পতিবাৰৰ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীক বিধায়কত্ৰয় কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু বিজয় মালাকাৰে সংগ দিয়ে ।

হাইলাকান্দিত চাইকেল বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা
তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড: প্ৰায় ৪৫টা ভাড়াঘৰ ভষ্মীভূত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in