বাল্য বিবাহৰ খবৰ নিদিলে শাস্তিৰ সন্মুখীন হ'ব গাওঁ পঞ্চায়তৰ সচিব !

বাল্য বিবাহৰ খবৰ নিদিলে শাস্তিৰ সন্মুখীন হ'ব গাওঁ পঞ্চায়তৰ সচিব !
বাল্য বিবাহৰ খবৰ নিদিলে শাস্তিৰ সন্মুখীন হ'ব গাওঁ পঞ্চায়তৰ সচিব !

ডিজিটেল ডেস্কঃ ৰাজ্যত চলিত মাহৰ পৰা পুনৰ আৰম্ভ হৈছে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান। ১৩ ছেপ্টেম্বৰ ২০২৩, বুধবাৰে হাইলাকান্দিত আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাই মুঠ ১৭ জনকৈ ভুৱা কাজিক আটক কৰিছে।

আটক হোৱা ভুৱা কাজি ১৭ গৰাকীৰ ভিতৰত আছে ক্ৰমে আজিৰ উদ্দিন লস্কৰ,মুফতি আবুল হুসেন,আসাদুল্লা লস্কৰ,কৈসুৰ আহমেদ,আব্দুল জলাল লস্কৰ,সৰিফ উদ্দিন বৰভূঞা, ফৰিজ উদ্দিন লস্কৰ,সাইদুল হক,নুৰুল হক লস্কৰ,আব্দুল সালাম বৰভূঞা আৰু লালা।

আনহাতে আৰক্ষীয়ে এই লোক কেইজনৰ পৰা ১০ খন ভুৱা কাবিল নামাও জব্দ কৰিছে। বৰ্তমানেও তেওঁলোক সোধপোছ অব্যাহত ৰাখিছে হাইলাকান্দি আৰক্ষীয়ে।উল্লেখ্য যে, হাইলাকান্দিৰ বিভিন্ন স্থানৰ পৰা আটক কৰা এই কাজি কেইজনৰ বিৰুদ্ধে বাল্যবিবাহৰ দৰে গুৰুতৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে বৰাক উপত্যকাৰ কাছাৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত আজি বাল্য বিবাহৰ দৰে গুৰুতৰ অপৰাধৰ সন্দৰ্ভত এক কৰ্মশালাত অংশগ্ৰহণ কৰি কাছাৰ জিলা দণ্ডাধীশ ৰোহন কুমাৰ ঝাই বাল্য বিবাহৰ ঘটনা সংঘটিত হ’লে সেই ঘটনাৰ খবৰ আৰক্ষীক অৱগত নকৰিলে গাওঁ পঞ্চায়তৰ সচিবসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক গুৰুতৰ মন্তব্য কৰিছে।

বাল্য বিবাহ, শিশু নিৰ্যাতন, শিশু সৰবৰাহ আৰু শিশু শ্ৰমিক আদি বিষয়ক লৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত ৰাজ্যত পুনৰ চলিত মাহৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথা উল্লেখ কৰে জিলা দণ্ডাধীশগৰাকীয়ে। এই সভাতেই জিলা দণ্ডাধীশগৰাকীয়ে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহক তেওঁলোকৰ দায়িত্ব পালন কৰাৰ লগতে বেচৰকাৰী সংস্থাবোৰৰ পৰাও সহযোগিতা আশা কৰে।

তেওঁ জিলাখনৰ অন্তৰ্গত খণ্ড উন্নয়ন বিষয়া, গাওঁ পঞ্চায়তৰ সভানেত্ৰী, সচিব আদিক প্ৰতি সপ্তাহতে থানা পৰ্যায়ত এক সজাগতা সভা অনুষ্ঠিত কৰি সেই সভাত অংশগ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে, জিলা দণ্ডাধীশগৰাকীৰ ভাষ্য অনুসৰি ইতিমধ্যে জিলাখনৰ গাওঁ পঞ্চায়তসমূহৰ সচিবসকলক বাল্য বিবাহ ৰোধৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

ইফালে এই সভাত অংশগ্ৰহণ কৰা জিলাখনৰ আৰক্ষী অধীক্ষক নোমল মাহত্বই কয় যে, যোৱা সময়ছোৱাত জিলাখনত বাল্য বিবাহৰ সৈতে জড়িত ৯০ জনক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে সকলোৱে একত্ৰিত ভাৱে কাম কৰাৰ পোষকতা কৰে।

এই কৰ্মশালাত উপস্থিত থাকে অসম ৰাজ্যিক শিশু আৰু অধিকাৰ আয়োগৰ সদস্য অজয় কুমাৰ দত্ত, অধিবক্তা টিংকু বৈদ্য, নিবেদিতা নাৰী সন্থাৰ বিষয়ববীয়াসকল। এই নিবেদিতা নাৰী সন্থাই একছেছ টু জাষ্টিচ ২.০ৰ অধীনত কাছাৰত ৫০ খন গাঁৱক ১১ মাহৰ ভিতৰত সজাগতা অভিযানৰ জৰিয়তে বাল্যবিবাহৰ পৰা মুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ বাবে এই সংস্থাটোৱে বিভিন্ন পৰ্যায়ত কৰ্মশালাৰো আয়োজনৰ সিদ্ধান্ত লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in