/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ce464f0f-38d0-4496-9d52-cfaeb1a38443.jpg)
ডিজিটেল সংবাদ, শালবাৰীঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে ৰাজনৈতিক দল সমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সোমবাৰে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ খাৰিজা বিজনীৰ বাৰাপেটা মিলন বজাৰত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁট তথা বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ সমৰ্থনত অনুষ্ঠিত বিশাল জনসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি অন্যান্য নেতাকৰ্মীসকল৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/c6c734ad-499e-4a15-896b-cca1da6bae0c.jpg)
এই সভাত বিশ্বজিৎ দৈমাৰীয়ে বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া, কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভা আৰু ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক ক্ষুৰধাৰ সমালোচনা কৰে৷ বিগত লোকসভা নিৰ্বাচনত বিটিএডিত বসবাস কৰা অবড়ো ৰাইজক বিটিএডিৰ পৰা গাঁও কৰ্তন কৰিব বুলি মিছা প্ৰতিশ্ৰুতি দি নৱ কুমাৰ শৰণীয়া সাংসদ হৈছিল বুলি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অভিযোগ তোলা সভাত ভাষণ প্ৰসংগত বিটিচিৰ পৰা গাঁও কৰ্তনৰ সলনি নতুন গাঁও অন্তৰ্ভূক্তহে হ'ব বুলি কয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/7524b3e7-117d-4aca-a5ba-c93095eab548.jpg)
খুহুতীয়াভাৱে ভাষণ আৰম্ভ কৰা মহিলাৰীয়ে বদৰুদ্দিনৰ লগত গোপন সম্পৰ্ক থকা বুলিও সভাত মন্তব্য কৰে আৰু সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়েও এই কথা স্বীকাৰ কৰে৷ লগতে ইউপিপিএলে বড়ো ৰাইজক লৈ আৱেগ সৃষ্টি কৰিলেও বড়ো ৰাইজে বিপিএফকে আদৰি ল'ব বুলি কয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/6f0a3606-a9de-42e5-86e8-b2310a463d12.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us