মুছলপুৰত হাল উঠা পৰ্ব : লগে-ভাগে এসাঁজ খালে বি টি চিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে

মুছলপুৰত হাল উঠা পৰ্ব : লগে-ভাগে এসাঁজ খালে বি টি চিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে

ডিজিটেল সংবাদ,মুছলপুৰ : বিগত বছৰসমূহৰ দৰে এইবছৰো বাক্সা জিলাৰ মুছলপুৰৰ খেতিপথাৰত উদুলি-মুদুলি পৰিৱেশ। কিয়নো কঠিয়া সিঁচাৰ পৰা ভূঁই ৰোৱা পৰ্বলৈ এই দীঘলীয়া পৰিক্ৰমাৰ অন্তত ৰোৱনীসকলে শেষৰ গোচ কঠিয়া ৰুই, এইবছৰৰ বাবে 'হাল উঠা' পৰ্ব পালন কৰে।

এই উৎসৱকলৈ বুধবাৰে বি টি চিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ খেতিপথাৰত এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে । নিজ খেতিপথাৰত দীৰ্ঘদিন ধৰি কঠিয়া ৰোপণৰ পিচত আজি অন্তিম ৰোপণ পৰ্বৰে 'হাল উঠা' উৎসৱ পালন কৰা হয় ।

বাক্সা জিলাৰ অহোপাস্থিত নিজ বাসস্থানৰ কাষতে থকা কৃষি ভূমিত কঠিয়াৰ অন্তিম ৰোপন কৰা হয় । অসমীয়া সমাজত চলি অহা এই পৰম্পৰাগত উৎসৱ বি টি চিৰ কাৰ্যবাহী সদস্যগৰাকীয়েও বছৰ বছৰ ধৰি পালন কৰি অহা বুলি মন্তব্য কৰে।

তেওঁলোকৰ ৬০ বিঘা কৃষিভূমিত ২৫ গৰাকী ৰোৱনীয়ে বিগত ৪মাহ ধৰি কৃষিকাৰ্যৰ সৈতে জড়িত হৈ উক্ত পৰ্ব সম্পন্ন কৰে। ইফালে 'হাল উঠা' পৰ্ব উপলক্ষে বি টি চিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৰোৱনীসকলৰ সৈতে লগে-ভাগে তৃপ্তিৰে এসাঁজ গ্ৰহণ কৰে।

মুছলপুৰত হাল উঠা পৰ্ব : লগে-ভাগে এসাঁজ খালে বি টি চিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে
সাজু ! ৩০ জুলাইত উদ্বোধন হ’ব অসম বিধানসভাৰ নতুন ভৱন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in