/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8a93a985-4a2a-43cd-80a7-4314ab62ece1/gfgfgf.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়(B24 06 03) পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিজ্ঞাসা কাশ্যপে। শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিজ্ঞাসা কাশ্যপে ঐচ্ছিক গণিতত ১০০, অসমীয়া ৯১, ইংৰাজী ৯৮, সাধাৰণ বিজ্ঞান ৯৬, সমাজ বিজ্ঞান ৯৬, গণিতত ৮৫ সহ ৯৫ শতাংশ নম্বৰ লাভ কৰিছে।
ধিং চমুৱা গাঁও নিৱাসী বিষ্ণু ঠাকুৰীয়া আৰু বৰ্নালী ঠাকুৰীয়াৰ কন্যা জিজ্ঞাসা কাশ্যপে ভবিষ্যতে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি সুচিকিৎসক হোৱাৰ লক্ষ্য ৰাখিছে।
Also Read: পুনৰ বহি:ৰাজ্যত মৃত্যু অসমৰ যুৱকৰ