বিহপুৰীয়াত ঠেঙাল কছাৰী পৰিষদৰ উদ্যোগত জ্ঞান বিকাশ বটাঁ প্ৰদান

বিহপুৰীয়াত ঠেঙাল কছাৰী পৰিষদৰ উদ্যোগত জ্ঞান বিকাশ বটাঁ প্ৰদান

ডিজিটেল সংবাদ,বিহপুৰীয়া : ঠেঙাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত দেওবাৰে জ্ঞান বিকাশ বঁটা প্ৰদান কৰা হয়। বিগত বৰ্ষবোৰৰ দৰে চলিত বৰ্ষতো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা পৰিষদৰ এলেকাধীন কৃতী ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান বিকাশ বটাঁ প্ৰদান কৰা হয় ৷ এই উদ্দেশ্যে আজি বিহপুৰীয়া জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত লখিমপুৰ আৰু ধেমাজি জিলাৰ পৰিষদৰ এলেকাৰ অন্তৰ্ভুক্ত ৮১ গৰাকী শীক্ষাৰ্থীক এই বটাঁ প্ৰদান কৰা হয় ৷

পৰিষদৰ সাধাৰণ সদস্য কেশৱ নেওগে আতঁ ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য কেশৰাম বৰাই ৷ সভাত বিধায়ক ড° অমিয় কুমাৰ ভূঞা, সাংসদ পল্লৱলোচন দাস,পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী,শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ , জিলা বিজেপিৰ সভাপতি ফনিধৰ বৰা,সোনোৱাল কছাৰী পৰিষদৰ খনিন্দ্ৰ সোনোৱাল,ঠেঙাল কছাৰী সংগঠনৰ প্ৰাক্তন সভাপতিদ্বয় উমাকান্ত নেওগ আৰু দীননাথ বড়া,সমাজকৰ্মী ঋষিৰাজ হাজৰিকাই অংশগ্ৰহণ কৰি শিক্ষাৰ্থী সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়৷

বিহপুৰীয়াত ঠেঙাল কছাৰী পৰিষদৰ উদ্যোগত জ্ঞান বিকাশ বটাঁ প্ৰদান
১০,০০০ টকা উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত BDO শেৱালী চক্ৰৱৰ্তী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in