বৰমা সংকুলত জ্ঞান-বিজ্ঞান মেলা সম্পন্ন

বৰমা সংকুলত জ্ঞান-বিজ্ঞান মেলা সম্পন্ন

ডিজিটেল সংবাদ, মুছলপুৰ : বৰমা সংকুলৰ অন্তৰ্গত ১১ খন নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰ্হি আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত নিকেতনসমূহত বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি প্ৰতিবছৰে অনুষ্ঠিত কৰা হয় জ্ঞান-বিজ্ঞান মেলা ।

এই বৰ্ষত বৰমা সংকুলৰ অন্তৰ্গত ১১ খন নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰ্হি আৰু কুইজ প্ৰতিযোগিতা শনিবাৰে ডুমুনীস্থিত শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত কৰা হয় । শিশু, বালক আৰু কিশোৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় ।

শংকৰদেৱ শিশু নিকেতন, ডুমুনীৰ প্ৰধান আচাৰ্য গণেশ ডেকাই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণত জ্ঞান-বিজ্ঞান মেলাৰ যথেষ্ট গুৰুত্ব আছে বুলি মন্তব্য কৰে ৷ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শিশু শিক্ষা সমিতিৰ অন্তৰ্গত নিকেতনসমূহে প্ৰতিবছৰে ভাল ফলাফল অৰ্জন কৰাৰ কথা উল্লেখ কৰে ।

বৰমা সংকুলত জ্ঞান-বিজ্ঞান মেলা সম্পন্ন
নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in