গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম লোকসংস্কৃতি কুইজ প্ৰতিযোগিতা…

গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম লোকসংস্কৃতি কুইজ প্ৰতিযোগিতা…

author-image
asomiyapratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম লোকসংস্কৃতি কুইজ প্ৰতিযোগিতা…

ডিজিটেল ডেস্ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ সোণালী জয়ন্তী উপলক্ষে অহা ২২ আগষ্ট তাৰিখে সদৌ অসম ভিত্তিত উত্তৰ-পূব ভাৰতৰ লোকসংস্কৃতি বিষয়ক এক কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। স্নাতক পৰ্যায়ৰ পৰা পি এইচ ডি গৱেষণাৰত ছাত্ৰ-ছাত্ৰীৰ মাজত দীপাংকৰ কৌশিকৰ পৰিচালনাত বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত ভৱনত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বিজয়ী তিনিটা দললৈ প্ৰমাণপত্ৰ আৰু ট্ৰফীৰ লগতে ক্ৰমে ১০,০০০, ৭,৫০০ আৰু ৫,০০০ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব।

Advertisment

২২ আগষ্টৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগা প্ৰতিযোগিতাৰ পঞ্জীয়নৰ সময় পুৱা ৯ বজাৰ পৰা ৯:৩০ বজালৈ।এটা দলত দুজনকৈ প্ৰতিযোগী থাকিব পাৰিব আৰু পঞ্জীয়নৰ সময়ত প্ৰতিযোগীয়ে শিক্ষানুষ্ঠানৰ পৰিচয়পত্ৰ দেখুৱাব লাগিব। প্ৰতিযোগিতা সম্বন্ধীয় যিকোনো তথ্যৰ বাবে ইচ্ছুক লোকে ৯৬১৩৬১৪৭৬৮, ৮১৩৫০৩৩৮৬১, ৭০০২৬৮৩২৬৯ আৰু ৯০৮৫০৬৭৯৮৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।

আৰু পঢ়ক : দৰঙত উপস্থিত মুখ্যমন্ত্ৰীয়ে গঠন কৰা এছ  আই টি কমিটী

assam guwahati university guwahati