অনলাইন মাধ্যমৰে হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ পৰীক্ষা….

অনলাইন মাধ্যমৰে হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ পৰীক্ষা….

author-image
asomiyapratidin
New Update
অনলাইন মাধ্যমৰে হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ পৰীক্ষা….

ডিজিটেল ডেস্ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ ডিগ্ৰী পৰীক্ষা অনলাইনযোগে অনুষ্ঠিত হব। এই কথা এক জাননীযোগে ৰাজহুৱা কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে। ছেপ্টেম্বৰতে সেই পৰীক্ষা অনুষ্ঠিত হব বুলিও জনালে পঞ্জীয়কগৰাকীয়ে।

ইফালে, স্নাতক শ্ৰেণীৰ পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে অনুষ্ঠিত হব বুলি সদৰী কৰিলে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কগৰাকীয়ে। এই সন্দৰ্ভত জাৰি কৰা জাননীয়ে অচিৰেই ইয়াৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ প্ৰকাশ কৰা হব বুলিও উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, কোৰোনাৰ বাবে আন শিক্ষানুষ্ঠানৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী তথা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাই। সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দলে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছিল।