অহা ১৯ ছেপ্টেম্বৰ পৰা বিবিএ আৰু বিচিএৰ ২য়, ৪ৰ্থ ষান্মাসিকৰ পৰীক্ষা...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ বিবিএ আৰু বিচিএ পাঠ্যক্ৰমৰ দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিক পৰীক্ষা অহা ১৯ ছেপ্টেম্বৰ, ২০২২ৰ পৰা আৰম্ভ হ'ব

author-image
Asomiya Pratidin
New Update
অহা ১৯ ছেপ্টেম্বৰ পৰা বিবিএ আৰু বিচিএৰ ২য়, ৪ৰ্থ ষান্মাসিকৰ পৰীক্ষা...

ডিজিটেল ডেস্ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ বিবিএ আৰু বিচিএ পাঠ্যক্ৰমৰ দ্বিতীয় আৰু চতুৰ্থ ষান্মাসিক পৰীক্ষা অহা ১৯ ছেপ্টেম্বৰ, ২০২২ৰ পৰা আৰম্ভ হ'ব। ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ বিস্তৃত সময়সূচী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইটৰ পৰা সংগ্ৰহ কৰিব পাৰিব বুলি জাননীত উল্লেখ কৰা হৈছে।

আনহাতে, ২০২২ বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত হৈ যোৱা বিবিএ আৰু বিচিএ পাঠ্যক্ৰমৰ প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিক পৰীক্ষাৰ ফলাফল সমূহ অহা ৩০ ছেপ্টেম্বৰ, ২০২২ তাৰিখৰ ভিতৰত ঘোষণা কৰা হ'ব বুলিও উল্লেখ কৰা হয়।

আনহাতে, অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইটামান বিষয়ৰ চাৰ্টিফিকেট, ডিপ্লমা, স্নাতকোত্তৰ ডিপ্লমা পৰীক্ষাৰ লগতে স্নাতক পৰ্যায়ৰ বাকী থকা কিছু পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি জাননীত উল্লেখ কৰে।

assam guwahati university guwahati