গুৱাহাটীৰ পেয়িং গেষ্টত বহি:ৰাজ্যৰ যুৱতীৰ ৰহস্যজনক মৃত্যু…

গুৱাহাটীৰ পেয়িং গেষ্টত বহি:ৰাজ্যৰ যুৱতীৰ ৰহস্যজনক মৃত্যু…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ : গুৱাহাটীৰ উলুবাৰীৰ হৰবালা পথত সংঘটিত হয় এক ৰহস্যজনক মৃত্যুৰ ঘটনা। দেওবাৰে সন্ধিয়া ৫ বজাত সংঘটিত হয় এই ঘটনা। উলুবাৰীৰ হৰবালা পথত থকা পেয়িং গেষ্টৰ বাথৰোমত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতী গৰাকীৰ নাম সৰ্মিতা ঘোষ। সৰ্মিতাৰ ঘৰ ৱেষ্টবেংগলৰ আলিপুৰ দুৱাৰত। সৰ্মিতাৰ বয়স আনুমানিক ২১ বছৰ।

Advertisment

যুৱতী গৰাকীয়ে গুৱাহাটীত নাৰ্চিং কৰি আছিল বুলি জানিব পৰা গৈছে। পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ। প্ৰাথমিক অৱস্থাত আৰক্ষীৰ তথ্য অনুসৰি যুৱতী গৰাকীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। আত্মহত্যা নে আন কাৰণত মৃত্যু হৈছে সেই বিষয়ে জানিব পৰা নাই। এই ক্ষেত্ৰত বৰ্তমানে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

assam Assam police guwahati himanta biswa sarma