মহানগৰীত ২০টা অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট…

মহানগৰীত ২০টা অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট…

author-image
asomiyapratidin
New Update
মহানগৰীত ২০টা অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট…

ডিজিটেল ডেস্ক : মহানগৰীত আজিৰে পৰা কাৰ্যকৰী হ'ব ২০ টা অত্যাধুনিক ট্ৰেফিক ছিগনেল লাইট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব ডিজিটেল ট্ৰেফিক ছিগনেল। দুটাকৈ চিচিটিভি কেমেৰা সংযোজিত হৈ থাকিব ট্ৰেফিক ছিগনেল ব্যৱস্থাত। এটা চিচিটিভি কেমেৰাই ৰাজপথৰ ভিজুৱেল বন্দী কৰিব। আনটো চিচিটিভি কেমেৰাই বাহনৰ নম্বৰপ্লেট, জেব্ৰা ক্ৰছিং নিৰীক্ষণ কৰিব।

উল্লেখ্য যে নিয়ম অমান্যকাৰীলৈ অনলাইনযোগে যাব ই-চালান। স্মাৰ্ট চিটিৰ ক্ষেত্ৰত চৰকাৰ আৰু এখোজ আগবাঢ়িছে। ইয়াৰ উপৰিও স্মাৰ্ট চিটি গঢ়াৰ বাবে বিভিন্ন ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা।

assam himanta biswa sarma guwahati Assam police