স্মাৰ্ট চিটি নে লেহেমীয়া চিটি ?

স্মাৰ্ট চিটি নে লেহেমীয়া চিটি ?

ডিজিটেল ডেস্ক : বছৰটোৰ অন্তিম সময়ছোৱাত জনপ্ৰিয় অনলাইন টেক্সি সেৱা উবেৰে প্ৰকাশ কৰিলে এক প্ৰতিবেদন । "হাও ইণ্ডিয়া উবেৰড ইন ২০২২" শীৰ্ষক প্ৰতিবেদনখনত আছিল ভাৰতীয় লোকসকলৰ উবেৰ সেৱা গ্ৰহণৰ তথ্য । এই প্ৰতিবেদন অনুসৰি এই বছৰত সৰ্বাধিক সংখ্যক টেক্সি বুক কৰিছিল দিল্লী-এন চি আৰ, হায়দৰাবাদ, বেংগালুৰু, মুম্বাই আৰু কলকাতাৰ বাসিন্দাসকলে ।

উবেৰ টেক্সিৰ জৰিয়তে ভাৰতীয়সকলে এই বছৰত মুঠ ৪.৫ বিলিয়ন কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে । এই দূৰত্ব পৃথিৱীৰ পৰা নেপচুন গ্ৰহৰ দূৰত্বৰ সমপৰ্যায়ৰ । এই ৪.৫ বিলিয়ন কিলোমিটাৰ অতিক্ৰম কৰিবলৈ ভাৰতীয় সকলক প্ৰয়োজন হৈছিল ১১ বিলিয়ন মিনিটৰ ।

উল্লেখ্য যে, চলিত বৰ্ষত দ্ৰুতবেগী উবেৰ সেৱাৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে চণ্ডীগড় আৰু দিল্লীয়ে । ইয়াৰ বিপৰীতে লেহেমীয়া সেৱাৰ তালিকাত আছে স্মাৰ্ট চিটিৰ দিশে আগুৱাই যোৱা গুৱাহাটী আৰু মেট্ৰ' চিটি হায়দৰাবাদ, চেন্নাই, বেংগালুৰু আৰু কলকাতা ।

মহানগৰীৰ লেহেমীয়া অনলাইন টেক্সি সেৱাৰ বিষয়ে ইতিমধ্যেই সকলো অৱগত । আনহাতে কেৱল লেহেমীয়া সেৱাই নহয় বৰং উবেৰ চালকৰ মইমতালিৰ বাবেও হাৰাশাস্তি ভুগিছিল ৰাইজে । প্ৰয়োজনাধিক নিৰিখ আছিল ইয়াৰে অন্যতম ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in