/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/guwahatiiii.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতৰ আগশাৰীৰ অট'মোবাইল ব্ৰেণ্ড টাটা মটৰ্ছে শনিবাৰে গুৱাহাটীস্থিত এআইডিচি কামাখ্যা মটৰ্চত বহু প্ৰতীক্ষিত নেক্সন পৰ্টফলিঅ' সমৃদ্ধ এক নতুন ভেৰিয়েণ্ট এক্সএম+(এছ) আৰু নেক্সন ইভি প্ৰাইম মুকলি কৰে।
এই মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে পি.কে. দাস (আৰ.এছ.এম. অটো ঋণ, এইচ.ডি.এফ.চি. বেঙ্ক)। লগতে টাটা মটৰ্ছৰ আঞ্চলিক প্ৰবন্ধক সৌমেন পল, কামাখ্যা মটৰ্চৰ সঞ্চালক যোগেশ মলহোত্ৰা, কামাখ্যা মটৰ্চৰ এম.ডি. ৰোহিত মলহোত্ৰা, টাটা মটৰ্চৰ জ্যেষ্ঠ মেনেজাৰ ঋষি খেমকা আৰু টাটা মটৰ্চৰ প্ৰডাক্ট বিশেষজ্ঞ মানস প্ৰতিম দত্ত উপস্থিত থাকে।
নেক্সন পৰ্টফলিঅ' সমৃদ্ধ নতুন ভেৰিয়েণ্ট এক্সএম+(এছ) XM (S) আৰু XZ+ ৰ মাজত স্থাপন কৰা এই নতুন সংযোজনটো সুবিধাৰে ভৰপূৰ আৰু আইএনআৰ-ৰ এক আকৰ্ষণীয় আৰম্ভণি মূল্যত উপলব্ধ হ'ব। বাহনখন কেলগাৰী হোৱাইট, ডেটনা গ্ৰে, ফ্লেম ৰেড আৰু ফলিয়েজ গ্ৰীণ ৰঙৰ বিকল্পত উপলব্ধ হ'ব। লগতে নেক্সন এক্সএম+(এছ) বৈদ্যুতিক চানৰুফ, এণ্ড্ৰইড অটো আৰু এপল কাৰ প্লেৰ সৈতে ৭" ফ্লটিং ইনফ'টেইনমেণ্ট চিষ্টেম, ৪ স্পীকাৰ চিষ্টেম, শীতল গ্লভছ বক্স, এচি ভেণ্ট, ৰেইন চেন্সিং ৱাইপাৰ, অটো হেডলেম্প, ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, মাল্টি ড্ৰাইভ মোড, ১২ ভি পিছফালৰ পাৱাৰ চকেট আৰু এটা শ্বাৰ্ক ফিন এন্টেনাৰ সৈতে সজ্জিত হ'ব।
ইয়াৰোপৰি নেক্সন ইভি প্ৰাইমত মাল্টি-ম'ড ৰিজেন, ক্ৰুজ কন্ট্ৰ'ল, আই-টিপিএমএছ, স্মাৰ্টৱাচ সংযোগ লাভ কৰিব। লগতে নেক্সন ইভি প্ৰাইম ARAI প্ৰমাণিত ৰেঞ্জ- ৩১২কিলোমিটাৰ আৰু ৮ বছৰৰ বেটাৰী আৰু মটৰৰ ৱাৰেণ্টীৰ সৈতে আহে। অফাৰ আৰু গাড়ী কিনাৰ বিকল্পৰ বিষয়ে অধিক জানিবলৈ https://cars.tatamotors.com/ ত লগইন কৰক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us