মহানগৰীত জঘন্য ঘটনা; কন্যাক বলাৎকাৰ সতীয়া পিতৃৰ…

মহানগৰীত জঘন্য ঘটনা; কন্যাক বলাৎকাৰ সতীয়া পিতৃৰ…

author-image
asomiyapratidin
New Update
কিশোৰীক দলবদ্ধ বলাৎকাৰ; গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰ সহ ৪জন…

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: পিতৃয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ  এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক। ঘৰত কোনো অন্য সদস্য নথকাৰ সুযোগ লৈ পিতৃয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

Advertisment

বুধবাৰে নিচাযুক্ত দৰব খুৱাই পিতৃ ৰবি ভাৱেলে এই দুষ্কাৰ্য্য কৰাৰ অভিযোগ উত্থাপন হৈছে। মহানগৰীৰ ভাস্কৰনগৰৰ ঘৰ নং ৮ ত সংঘটিত হৈছে এই ঘটনা।

কিশোৰী গৰাকীৰ বয়স ১৬ বছৰ বুলি জানিব পৰা গৈছে। কিশোৰী গৰাকী ৰবি ভাৱেলৰ দ্বিতীয়া পত্নীৰ জীয়ৰী ।

ৰবি ভাৱেলৰ প্ৰথমা পত্নীৰ পুত্ৰ চুমন ভাৱেলে পানবজাৰ মহিলা আৰক্ষী থানাত পিতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল  কৰাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰবিক।

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই কিশোৰী গৰাকীক ৰবি ভাৱেলে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

assam rape guwahati