/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল মহানগৰীৰ গাড়ীগাঁৱৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা। এই জঘন্য ঘটনাৰ মাষ্টাৰ মাইণ্ড বৰ্তমান আৰক্ষীৰ জালত।
জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকি আলীক।কামপূপৰ দামপুৰৰ পাহাৰত আত্মগোপন কৰি থকা অৱস্থাত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকিক। অৱশ্যে এই ঘটনাৰ ৪ অভিযুক্ত এতিয়াও পলাতক অৱস্থাতেই আছে।
উল্লেখ্য যে, এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে বিকি আলিৰ লগতে আন ৪ জনৰ বিৰুদ্ধে।অভিযোগ অনুসৰি তেওঁলোকে কিশোৰী গৰাকীক বলাৎকাৰ কৰি ভিডিঅ বনাইছিল।