গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, কোন পদত আগবাঢ়ি আছে কোন?

গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোট গণনা চলি আছে। দ্বিতীয় পৰ্যায়ৰ অন্তত সভাপতিৰ দৌৰত আগবাঢ়ি আছে সুস্মিতা গোস্বামী

author-image
Asomiya Pratidin
New Update
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, কোন পদত আগবাঢ়ি আছে কোন?

গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, কোন পদত আগবাঢ়ি আছে কোন?

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোট গণনা চলি আছে। দ্বিতীয় পৰ্যায়ৰ অন্তত সভাপতিৰ দৌৰত আগবাঢ়ি আছে সুস্মিতা গোস্বামী। প্ৰথম পৰ্যায়ৰ ভোটগণনাত ৭৪ টা আৰু দ্বিতীয় পৰ্যায়ত ৩৩ টা ভোট লাভেৰে সভাপতিৰ দৌৰত ১০৭ টা ভোট লাভ কৰি আগত আছে গোস্বামী।

Advertisment

আনহাতে এই পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা সুনীল বৰাই দুয়োটা পৰ্যায়ৰ ভোট গণনাৰ অন্তত ৬০ টা ভোট লাভেৰে দ্বিতীয় স্থানত আছে। এই পদত প্ৰতিদ্বন্দ্বিতা কৰা জয়ন্ত কুমাৰ ডেকাই দুটা পৰ্যায়ৰ অন্তত মুঠ ২৭ টা ভোট লাভ কৰিছে।

উপ-সভাপতি পদত ১০৫ টা ভোট লাভেৰে যতীন ভাগৱতী আগবাঢ়ি আছে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বি প্ৰদীপ বৰ্মনে ৮৩ টা ভোট লাভ কৰিছে। মহিলাৰ বাবে সংৰক্ষিত উপ-সভাপতি পদত ৯৫ টা ভোট লাভেৰে আগবাঢ়ি আছে অকলা বৰুৱা। নৱনীতা কলিতাই মুঠ ৮৭ টা ভোট লাভ কৰিছে এই পৰ্যন্ত।

সাধাৰণ সম্পাদকৰ দৌৰত আগবাঢ়ি আছে মাধৱ দাস। দাসে ১০৩ টা ভোট লাভ কৰাৰ বিপৰীতে এই পদত প্ৰতিদ্বন্দ্বিতা কৰা সঞ্জয় ৰয়ে ৯১ টা ভোট লাভ কৰিছে।

সহকাৰী সাধাৰণ সম্পাদক পদত আগবাঢ়ি আছে দিলোৱাৰ হুচেইন। দুটা পৰ্যায়ৰ ভোট গণনাৰ অন্তত তেওঁ মুঠ ৮৩ টা ভোট লাভ কৰিছে। এই পদত দ্বিতীয় স্থানত আছে উৎপল বৰুৱা। তেওঁ এই পৰ্যন্তলৈকে ৬০ টা ভোট লাভ কৰিছে।

মহিলাৰ বাবে সংৰক্ষিত সহকাৰী সাধাৰণ সম্পাদকৰ পদত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। মিতালী কোঁৱৰে ৯৯টা ভোট লাভ কৰাৰ বিপৰীতে এই পৰ্যন্ত অনুপমা ডেকাই ৯৪ টা ভোট লাভ কৰিছে।

কোষাধ্যক্ষ পদৰ বাবেও হৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা।অৱশ্যে এই পৰ্যন্ত ১০৩ টা ভোট লাভ কৰি আগবাঢ়ি আছে মনীন্দ্ৰ ডেকা।

সাংস্কৃতিক বিভাগৰ সম্পাদকৰ পদত মূলত দেৱাশীষ কাঠকটীয়া আৰু পল্লবী বৰাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। দুটা পৰ্যায়ৰ ভোটগণনাৰ অন্তত পল্লৱী পৰাই ৬৪ টা আৰু দেৱাশীষ কাঠকটীয়াই ৫৮ টা ভোট লাভ কৰিছে।

ক্ৰীড়া শাখাৰ সম্পাদকৰ পদত নিকটতম প্ৰাৰ্থীতকৈ আগত আছে আজাদ গগৈ। তেওঁ মুঠ ১০১ টা ভোট লাভ কৰাৰ বিপৰীতে নয়ন জ্যোতি ভূঞাই ৫৩ টা আৰু পীতাম্বৰ নেৱাৰে ৩৮ টা ভোট লাভ কৰিছে।

এই নিৰ্বাচনত সাংগঠনিক সম্পাদক পদত ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে কিশোৰজ্যেতি শৰ্মা নিৰ্বাচিত হৈছে।

guwahati press club