/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c58c5b48-9814-469a-a385-6da0dae7311f/agranii.jpg)
পুনৰ মহানগৰীত আৰক্ষীৰ গুলীচালনাৰ ঘটনা।
আৰক্ষীৰ গুলীত নিহত এটা ডকাইত।
গুলীবিদ্ধ হৈ নিহত ডকাইতটোৰ নাম গোবিন্দ ৰায়।
মঙ্গলবাৰে ৰাইজে গোবিন্দক আটক কৰি গতাই দিছিল আৰক্ষীক।
৩ লাখ টকা ডকাইত কৰি ধৰা পৰিছিল গোবিন্দ।
আৰক্ষীক চমজাই দিয়াৰ পিছত নিশা আৰক্ষীয়ে গোবিন্দক লৈ তেওঁৰ সহযোগীৰ সন্ধানত গৈছিল।
সেই সময়তেই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল গোবিন্দই।
ফলত আৰক্ষীৰ দুটাকৈ গুলী লাগে গোবিন্দৰ দেহত।
গুলীবিদ্ধ গোবিন্দক নিশাই জি এম চি এইছত ভৰ্তি কৰা হৈছিল।
জি এম চি এইছতে মৃত্যু হয় গোবিন্দৰ।
জানিব পৰা মতে গোবিন্দ ৰায়ৰ ঘৰ কলকাতাত।