দুৰ্বৃত্তৰ গুলীত মৃত্যু মহানগৰীৰ ব্যৱসায়ীৰ, এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী…

দুৰ্বৃত্তৰ গুলীত মৃত্যু মহানগৰীৰ ব্যৱসায়ীৰ, এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী…

author-image
asomiyapratidin
New Update
দুৰ্বৃত্তৰ গুলীত মৃত্যু মহানগৰীৰ ব্যৱসায়ীৰ, এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী…

ডিজিটেল ডেস্ক: সোমবাৰে নিশা প্ৰায় ৯ বজাত নিজ বাসগৃহৰ সন্মুখতে দুৰ্বৃত্তই গুলীয়াই আহত কৰিছিল গুৱাহাটী  ছাত্ৰীবাৰীৰ ব্যৱসায়ী আদেশ যাদৱক। তাৰ পাছত স্থানীয় লোকে মোৰাৱাৰী মেটাৰনীতি হাস্পাতলত ভৰ্তি কৰাইছিল যদিও অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে আদেশ যাদৱ নামৰ কাপোৰৰ ব্যৱসায়ীজনে। নিশাই মৃত্যুক সাৱটি লয় যাদৱে।

Advertisment

এই হত্যাকাণ্ড সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত। সোমবাৰে নিশাই ঘটনাস্থলীৰ পৰা কিছু দূৰত এটা মোবাইল ফোন আৰু এখন বাজাজ পালছাৰ-১৫০ মডেলৰ মটৰ চাইকেল জব্দ কৰে। জানিব পৰা মতে বাইকখনৰ গৰাকীৰ নাম মহম্মদ আব্বাচ আলী।পিতৃৰ নাম মহম্মদ মজিবুৰ ৰহমান। আৰু এই বাইকখন দৰং জিলাত পঞ্জিয়ন হৈ আছে।

স্থানীয় লোকে জনোৱা অনুসৰি সেই অঞ্চলত সষ্টম হৈ থাকে আৰক্ষী। প্ৰায় দুই তিনি বাৰকৈ পেট্ৰলিঙত আহে আৰক্ষী। কিন্তু ইমান খিনিৰ পাছতো কিয় এনেধৰণৰ ঘটনা সংঘটিত হয় তাক লৈ চিন্তিত অঞ্চলবাসী। স্থানীয় ৰাইজে এতিয়া শংকা কৰিছে নিৰাপত্তাক লৈ আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

assam murder guwahati