স্বামী আৰু শাহুয়েকক হত্যাৰ কথা অস্বীকাৰ কৰিলে বন্দনাই...

বৃহস্পতিবাৰে পুনৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় বন্দনা কলিতাক। পুনৰ হত্যাৰ কথা অস্বীকাৰ কৰিলে বন্দনা কলিতাই।

author-image
Asomiya Pratidin
New Update
স্বামী আৰু শাহুয়েকক হত্যাৰ কথা অস্বীকাৰ কৰিলে বন্দনাই...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুনৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় বন্দনা কলিতাক। পুনৰ হত্যাৰ কথা অস্বীকাৰ কৰিলে বন্দনা কলিতাই। সময়ত সকলো খুলি কোৱাৰ ইংগিত দিলে বন্দনা কলিতাই। বন্দনাৰ লগতে আজি হাজিৰ কৰোৱা হৈছিল আন দুই অভিযুক্ত অৰূপ আৰু ধনটিক।

উল্লেখ্য যে, কেইমাহমান পূৰ্বে গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। বন্দনা কলিতাই দুই সহযোগী অৰূপ আৰু ধনটিৰ লগ লাগি হত্যা কৰিছিল স্বামী আৰু শাহুয়েকক।

Advertisment

হত্যাৰ পাছত মৃতদেহৰ টুকুৰাবোৰ মেঘালয়ত পেলাই দিছিল বন্দনাই। তাৰপূৰ্বে কেইটামান দিন ফ্ৰীজচ ৰাখিছিল মৃতদেহৰ টুকুৰা।স্বামী আৰু শাহুয়েকক বিচাৰি এজাহাৰো দাখিল কৰিছিল বন্দনাই। কিন্তু পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল বন্দনাৰ নৃশংসতাৰ বিষয়ে।

এই হত্যাকাণ্ড ইমানেই নৃশংস আছিল যে বন্দনাৰ বিৰুদ্ধে দাখিল কৰিছিল আৰক্ষীয়ে ১৬৩০ পৃষ্ঠাৰ অভিযোগনামা। কিন্তু বন্দনাই এতিয়া অস্বীকাৰ কৰি আছে হত্যাৰ কথা। ইয়াৰ পূৰ্বেও বন্দনাই কেইবাবাৰো আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল।

Also Read: প্ৰাণ লোৱা জাইকাই কেতিয়া ল'ব শিক্ষা?

Assam police