/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b1f06a98-2a89-4a37-b66b-b64fe92759a4/assam.jpg)
ডিজিটেল ডেস্ক: মহানগৰীত চাঞ্চল্যকৰ ঘটনা।বৃহস্পতিবাৰে অফলাইন কেব বুক কৰি এজনে লৈ গৈছিল এটা বস্তা।
কেব চালত খগেন দাসৰ গাড়ীত হিতেশ দাস নামৰ লোকজনে কমলপুৰলৈ লৈছিল। কমপুৰলৈ গৈ হিতেশ দাসে জংঘলত পেলাই দিছিল এটা বেগ।
তাৰ পাছতেই ঘটনা সন্দৰ্ভত সন্দেহ হয় কেব চালক খগেন দাসৰ।উবেৰ চালকজনে বেগ টোত কি আছিল বুলি সোধোত হিতেশ দাস নামৰ লোকজনে 'এজন বন্ধুক মাৰি পেলাই দিছোঁ" বুলি মন্তব্য কৰে।
তাৰ পাছতেই কেবচালক গৰাকী ঘটনা স্থলীৰ পৰা গুৱাহাটী পোৱাৰ লগে লগে কাষ চাপে দিছপুৰ আৰক্ষীৰ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তকল গ্ৰেপ্তাৰ কৰে। হত্যাৰ বলি হোৱা লোকজন ভূঞা উপাধিৰ বুলি জানিব পৰা গৈছে। ৰিক্সা চালক হিতেশ দাস নলবাৰী নিলপুৰত ।
আৰক্ষীয়ে জনোৱা অনুসৰি হিতেশে প্ৰায় ১০ বছৰ ধৰি বন্ধু জনৰ লগত একেলগে কাম কৰি আছিল। টকাৰ লেন দেন সংক্ৰান্তত এই ঘটনা সংঘটিত কৰে বুলি হিতেশে স্বীকাৰ কৰিছে। আৰক্ষীয়ে বৰ্তমান মৃতদেহটো বিচাৰি পোৱা নাই।