ছাত্ৰীবাৰী হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ বিহাৰৰ পৰা

ছাত্ৰীবাৰী হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ বিহাৰৰ পৰা

author-image
asomiyapratidin
New Update
ছাত্ৰীবাৰী হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ বিহাৰৰ পৰা

ডিজিটেল ডেস্ক: ২১ফেব্ৰুৱাৰীত মহানগৰীত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড। মহানগৰীৰ ছাত্ৰীবাৰীত ব্যৱসায়ী অৱদেশ যাদৱক গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। তাৰ পাছতেই পলাতক আছিল অভিযুক্ত।

এই হত্যাকাণ্ড সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অৱশেষত সোমবাৰে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত পংকজ কুমাৰক। পংকজ কুমাৰেই হত্যা কৰিছিল ব্যৱসায়ী গৰাকীক।

ডব্লিউ যাদৱৰ পৰিকল্পনাৰ ভিত্তিতেই পংকজ কুমাৰে গুলীয়াই হত্যা কৰিছিল ব্যৱসায়ী গৰাকীক। অৱশ্যে এতিয়াও পলাতক হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ডব্লিউ যাদৱ। বৰ্তমান তেওঁ নেপালত আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে।

assam murder crime