/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
ডিজিটেল ডেস্ক: পুনৰ উত্তপ্ত গুৱাহাটীস্থিত মাৰোৱাৰী মেটাৰনিটি হাস্পতাল চৌহদ। বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনত।
এবাৰ নহয়, দুবাৰকৈ নৱজাতক সলনি হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্রথমে ল’ৰা সন্তানটো কন্যা সন্তানৰ লগত সলনি হয়।
অভিযোগ অনুসৰি তেজ পৰীক্ষা কৰিবলৈ নিওতে দিলে কন্যা সন্তান। তাৰ পিছত পৰিয়ালে আপত্তি কৰাত ওভতাই দিলে ল’ৰা সন্তান।
যোৱা দুদিন ধৰি যিটো ল’ৰা সন্তান আছিল সেইটোও নহয় তেওঁলোকৰ। জন্ম পোৱা ল’ৰা সন্তানটোৰ আছিল তেজৰ গ্রুপ O+ অন্যহাতে বৰ্তমান তেওঁলোকৰ সৈতে থকা ল’ৰা সন্তানটোৰ পৰীক্ষাত ওলাল B+। ঘটনা সন্দৰ্ভত উত্তপ্ত হৈ পৰিছে চিকিৎসালয় চৌহদত।
আৰু পঢ়ক: মহাবিদ্যালয়ৰ পৰা উৰণীয়া সেতুলৈ! ৰাজ্যিক কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত