/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/mandir.jpg)
ডিজিটেল ডেস্ক: মহানগৰীৰ ভেটাপাৰাৰ দুটাকৈ মন্দিৰত দুৰ্বৃত্তৰ তাণ্ডৱ। ভেটাপাৰা ৰাজহুৱা শিৱ মন্দিৰৰ শিৱলিংগ ভাঙিলে দুৰ্বৃত্তই। শিৱ মন্দিৰটোত থকা শিৱৰ মূৰ্তিও ভাঙি দিয়ে দুৰ্বৃত্তই।
ভেটাপাৰাৰ আন এটা মন্দিৰতো দুৰ্বৃত্তই চলালে তাণ্ডৱ। ভেটাপাৰাৰস্থিত এটা গণেশ মন্দিৰৰ ক্ষতিসাধন কৰে দুৰ্বৃত্তই। গণেশৰ মূৰ্তি মন্দিৰৰ বাহিৰত পেলাই থৈ যায় দুৰ্বৃত্তই।
বুধবাৰে পুৱা পোহৰলৈ আহে এই সমগ্ৰ ঘটনা। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰু পঢ়ক: মৰিয়নিত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us