কি কৰিব, ক'লৈ যাব! গুৱাহাটীৰ আত্মীয়ই নগাঁৱত এৰি থৈ গ'ল বৃদ্ধক...

কিছু পৰিমানে ৰোগগ্ৰস্ত, হ্ৰাস পাইছে স্মৃতি শক্তি ৷

author-image
Asomiya Pratidin
New Update
কি কৰিব, ক'লৈ যাব! গুৱাহাটীৰ আত্মীয়ই নগাঁৱত এৰি থৈ গ'ল বৃদ্ধক...

nagaon

ডিজিটেল সংবাদ,নগাঁও: কিছু পৰিমানে ৰোগগ্ৰস্ত, হ্ৰাস পাইছে স্মৃতি শক্তি ৷ নগাঁও চহৰৰ ভূঞা পট্টিত সপ্তাহদিন ধৰি এজন বৃদ্ধই আশ্ৰয় লৈছে ৷ অসহায় ভাৱে বৃদ্ধজনে ভূঞা পট্টিৰ বজাৰৰ য’ত ত’ত শুই বহি সময় পাৰ কৰিছে ৷

প্ৰায় ৭৫ বছৰীয়া অচিনাকী ব্যক্তিজন বজাৰত থাকিবলৈ লোৱা ঘটনা স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ মানবদৰদী লোকে কেইগৰাকীমান আগবাঢ়ি আহিল ৷ খবৰ ল’লে কি খাইছে ? অসহায় দুৰ্বল লোকজনে দিব লগা সহাৰি তেনেদৰে দিব পৰা নাই ৷

স্থানীয় লোক সকলে সিদ্ধান্ত লৈ বজাৰৰ এটা গৃহত থকা মেলাৰ ব্যৱস্থা কৰিলে অচিনাকী বৃদ্ধজনৰ ৷ বৃদ্ধজনে খাব কি? সকলোয়ে মিলি হোটেল ঠিক কৰিলে ৷ হোটেলৰ পৰা নিয়মীয়াকৈ প্ৰয়োজনীয় খাদ্য যোগানৰ ব্যৱস্থা কৰা হ’ল ৷ তেনে দৰে পাঁচ ছয় দিন পাৰ হ’ল ৷

স্থানীয় লোকক বৃদ্ধ জনে অৱগত কৰিলে তেওঁৰ ঘৰ গুৱাহাটীৰ লখৰাত ৷ নাম নৰেন ৰায় ৷ আত্মীয়ই নগাঁৱলৈ আনি এৰি থৈ গৈছে ৷ তাতকৈ বৃদ্ধজনে আৰু একো কব নোৱাৰে ৷ আনকি ঘৰৰ প্ৰকৃত ঠিকনা প্ৰকাশ কৰিবলৈ অপাৰগ ৷ আনকি কেতিয়া ক’ত এৰি থৈ গ’ল সেই কথাও স্পষ্টকৈ কব নোৱাৰে ৷

ভূঞাপট্টিৰ স্থানীয় লোকে বিষয়টো অৱগত কৰে নগাঁৱৰ একাংশ সংবাদকৰ্মীক ৷ সংবাদকৰ্মী আৰু স্থানীয় লোকে বিষয়টো আলোচনা কৰি নগাঁও আৰক্ষীৰ সহযোগ বিচাৰে ৷ নগাঁও হয়বৰগাঁও টাউন আৰক্ষী চকীৰ আৰক্ষীয়ে বৃদ্ধজনক ভূঞাপট্টিৰ পৰা উদ্ধাৰ কৰি সোমবাৰে সন্ধ্যা আৰক্ষী চকীলৈ লৈ যায় ৷ নিশাই স্বাস্থ্য পৰীক্ষাৰ দিহা কৰে আৰু বৃদ্ধাশ্ৰমত আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰে ৷

nagaon assam