নিযুক্তি পৰীক্ষাত ইন্টাৰনেট বন্ধ, গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া গোচৰৰ আজি শুনানি…

নিযুক্তি পৰীক্ষাত ইন্টাৰনেট বন্ধ, গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া গোচৰৰ আজি শুনানি…

author-image
asomiyapratidin
New Update
নিযুক্তি পৰীক্ষাত ইন্টাৰনেট বন্ধ, গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া গোচৰৰ আজি শুনানি…

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ চতুৰ্থ পৰ্যায়ৰ প্ৰথমটো পৰীক্ষা যোৱা ২১ আগষ্ট দেওবাৰে অনুষ্ঠিত হয়। অহা ২৮ আগষ্টত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিযুক্তি পৰীক্ষা।

ৰাজ্য চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। ৪ ঘন্টাৰ বাবে ইন্টাৰনেট সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰি গোটেই দিনটোৰ বাবে ইন্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছিল। এই ক্ষেত্ৰত যথেষ্ট অসুবিধা তথা লোকচানৰ সন্মুখীন হৈছিল বহু লোক।

ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ ফলত বিশেষকৈ ছুইগী, জমেটো, অলা, উবেল চালক, ৰেষ্টুৰেন্ট আদিৰ ক্ষতি হৈছিল। এই ক্ষেত্ৰত ৰাজুপ্ৰসাদ শৰ্মা নামৰ এজন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এখন লেখ আবেদন। এই আবেদনখনৰ বৃহস্পতিবাৰে ন্যায়ালয়ৰ মজিয়াৰ শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে।

পৰীক্ষা নিয়াৰীকৈ অনুষ্ঠিত কৰাৰ স্বৰ্থত ১৪৪ ধাৰা জাৰি কৰাকে ধৰি কেন্দ্ৰৰ ভিতৰে-বাহিৰে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে। চৰকাৰে ইতিমধ্যে ঘোষণা কৰা অনুসৰি ২৮ আগষ্টৰ পৰীক্ষাৰ দিনাও ২৫খন জিলাত বন্ধ থাকিব ইন্টাৰনেট সেৱা।

অসম চৰকাৰৰ ইন্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ৰাজুপ্ৰসাদ শৰ্মাই ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে। তেওঁক এই ক্ষেত্ৰত সহায় আগবঢ়াইছে ইন্টাৰনেট ফ্ৰীডম ফাউণ্ডেচন নামৰ সংস্থাটোৱে।

assam himanta biswa sarma guwahati Assam police