স্বেচ্ছাসেৱী সংস্থা গ্ৰীণ আৰ্মীলৈ "সেউজপ্ৰাণ" বঁটা..

নৰ্থ-ইষ্ট বিগ কালচাৰেল চ'ছাইটি চমুকৈ নেবকাছৰ এক বঁটা প্ৰদান অনুষ্ঠান মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত কৰা হয়

author-image
Asomiya Pratidin
New Update
স্বেচ্ছাসেৱী সংস্থা গ্ৰীণ আৰ্মীলৈ "সেউজপ্ৰাণ" বঁটা..

ডিজিটেল ডেস্ক : উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্রখনৰ অধিক বিকাশৰ অৰ্থে গঠিত অন্যতম আগশাৰীৰ অনুষ্ঠান নৰ্থ-ইষ্ট বিগ কালচাৰেল চ'ছাইটি চমুকৈ নেবকাছৰ এক বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত সেউজপ্ৰেমী স্বেচ্ছাসেৱী সংস্থা গ্ৰীণ আৰ্মীলৈ প্ৰদান কৰে "সেউজপ্ৰাণ বঁটা"। নেবকাছৰ সভাপতি গগনাষ্টম গগৈ আৰু সম্পাদক বৰষা কাশ্যপৰ পৌৰহিত্যত অনুষ্ঠিত সপ্তম বাৰ্ষিক ড° ভূপেন হাজৰিকা নেশ্যনেল এৱাৰ্ড - ২০২২ ৰ সৈতে সংগতি ৰাখি আয়োজিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত সেউজপ্ৰাণ বঁটা গ্ৰহণ কৰি আনন্দিত হৈ পৰে স্বেচ্ছাসেৱী সংস্থাটোৰ প্ৰতিগৰাকী বিষয়ববীয়া ও সদস্য-সদস্যা।

তেওঁলোকে উল্লেখ কৰা অনুসৰি ভৱিষ্যতৰ সেউজীয়া পৃথিৱীৰ এজাক স্বপ্নদ্রষ্টা "গ্ৰীণ আৰ্মী"। আজিৰ এই সুন্দৰ আৰু সেউজীয়া পৃথিৱীখন অনাগত দিনতো সেউজীয়া আৰু সুন্দৰ কৰি ৰখাটোৱেই গ্ৰীণ আৰ্মীৰ প্ৰতিগৰাকী সদস্যাৰ কামনা। যোৱাটো বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জন্মলাভ কৰা স্বেচ্ছাসেৱী সংস্থা ''গ্ৰীণ আৰ্মী অসম''ৰ প্ৰতিগৰাকী স্বপ্নদ্ৰষ্টাই বঁটা লাভ কৰি পাইছে প্ৰেৰণা আৰু নতুন উদ্যম।

ইতিপূৰ্বেও গছপুলি ৰোপণ-প্ৰতিপালন, সজাগতা সভাকে আদি কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে আৰু আগন্তুক দিনতো বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আগবাঢ়ি যাব বুলি সংকল্পবদ্ধ "গছেহে ৰাখিব আমাৰ প্ৰাণ, সেউজীয়া পৃথিৱী আমাৰ স্বাভিমান" মূলমন্ত্ৰৰে আগবঢ়া সেউজ সেনানী সকল।

উল্লেখযোগ্য যে আৰ্মী নাম লৈছো যেতিয়া আৰ্মীৰ দৰে প্ৰতিদিনে কাম কৰিম, এদিন গছপুলি ৰুই বহি নাথাকো তাৰ প্ৰতিপালন কৰিম আৰু আজি পৃথিৱী অসুখত ভুগিছে, অসুখত ভুগা এই পৃথিৱীক আমি নৱ প্ৰজন্মই বচাবই লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে গ্ৰীণ আৰ্মী, অসমৰ মুখ্য সম্পাদক জিণ্টুমণি দাসে।

assam guwahati