মহানগৰীৰ উচ্ছেদিত লোক সকল বিভিন্ন ৰোগত আক্ৰান্ত, বিনামূলীয়া স্বাস্থ্য় শিবিৰ…

মহানগৰীৰ উচ্ছেদিত লোক সকল বিভিন্ন ৰোগত আক্ৰান্ত, বিনামূলীয়া স্বাস্থ্য় শিবিৰ…

author-image
asomiyapratidin
New Update
মহানগৰীৰ উচ্ছেদিত লোক সকল বিভিন্ন ৰোগত আক্ৰান্ত, বিনামূলীয়া স্বাস্থ্য় শিবিৰ…

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীৰ বৰবাৰী-শিলসাঁকো অঞ্চলত যোৱা মে' ২০২২ মাহতে গুৱাহাটী মহানগৰী প্ৰশাসনে প্ৰায় ৩০ ঘৰ বড়ো, ২৫ ঘৰ মিচিং আৰু বহু কেইঘৰ খিলঞ্জীয়া অসমীয়া লোকক উচ্ছেদ কৰিছিল। এই উচ্ছেদিত লোকসকলক আজিলৈকে অসম চৰকাৰৰ তৰফৰ পৰা ক্ষতিপুৰন দিয়া আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই।

বৰ্তমান তেওঁলোক অস্থায়ী শিবিৰ অথবা ওচৰৰে অইনৰ ঘৰত আশ্ৰয় লৈ আছে। তেওঁলোকৰ মাজত কেইবাজনো মহিলা আৰু শিশুসকল বিভিন্ন ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈছে। ইয়াৰ বাবে মানবীয়তাৰ খাতিৰত এটা Swastikam নামৰ ( NGO ) আৰু গুৱাহাটী জিলা বড়ো সাহিত্য সভাই বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান- প্ৰতিষ্ঠান বৰো উইমেন জাষ্টিচ ফৰাম, আৰ্য হস্পিতাল আৰু ব্যক্তিৰ সহযোগত যৌথভাৱে আজি ৩ জুলাই পুৱা ৯-০০ বজাৰ পৰা আবেলি ৪-০০ বজালৈ দিনযোৰা এক স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া চিকিৎসা সেৱা অনুষ্ঠিত কৰা হয়।

এই স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া চিকিৎসা সেৱা অনুষ্ঠানত মুখ্য ভূমিকা লয় বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি আৰু প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰী কমলাকান্ত মুছাহাৰী, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি শ্ৰী লোহিত চন্দ্ৰ ব্ৰহ্ম, সম্পাদক শ্ৰী গোলাপ বড়ো, বৰো উইমেন জাষ্টিচ ফৰামৰ উপদেষ্টা ড০ অঞ্জলি প্ৰভা দৈমাৰী, কেন্দ্ৰীয় সদস্য শ্ৰী কবিতা ব্ৰহ্ম, ৰেগা ফাউণ্ডেশ্যনৰ শ্ৰী সানস্ৰি বসুমতাৰী, কটনছা এলুমিনি সংগঠনৰ শ্ৰী ৰজনী ব্ৰহ্ম আৰু এন জি অ " স্ৱাস্তিকম " সঞ্চালক শ্ৰী নিশান্ত বালগোৱিন্দ , সঞ্চালিকা অনিমা বসুমতাৰী তেখেত সকলে যুটীয়া ভাবে পৰিচালনা কৰে।শ্ৰদ্ধাৰে – কমলাকান্ত মুছাহাৰী, প্ৰাক্তন উপ-সভাপতি, প্ৰাক্তন সাধাৰণ সম্পাদক, বড়ো সাহিত্য সভা।

আৰু পঢ়ক: মণিপুৰৰ ভূমিস্খলনত আহত সকলৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী পিযুষ হাজৰিকাই…

assam guwahati