/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মহানগৰীৰ কইনাধৰাত গুলীচালনাৰ ঘটনা।
অঞ্জন নাথ নামৰ যুৱক এজনক গুলীয়াই পলায়ন দুৰ্বৃত্তৰ।
বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
বাইকত বহি থকা অৱস্থাত গুলীচালনা স্কুটীৰে অহা দুৰ্বৃত্তৰ।
বুকুত গুলীবিদ্ধ যুৱকজনৰ ঘৰ মহানগৰীৰ লতাকটাত।
যুৱকজন বশিষ্ঠ চাৰিআলিৰ জে চি বি প্রতিষ্ঠানত কৰ্মৰত।
যুৱকজনক সংকটজনক অৱস্থাত মেট্রো হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় তেওঁৰ।
কিয় এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।