/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ffefbb98-0ea2-4fa3-b36d-74fe400095eb/gu_commerce.jpg)
ডিজিটেল ডেস্ক : শনিবাৰে গুৱাহাটীকমাৰ্চ কলেজৰ হীৰক জয়ন্তী অনুষ্ঠানৰ সফল সামৰণি পৰে। শনিবাৰে পুৱা মহাবিদ্যালয়খনত হীৰক জয়ন্তী বৰ্ষৰ ৬০খন পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হোমেশ্বৰ কলিতা, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড০ ভূপতি কুমাৰ দাস আৰু অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে।
উল্লেখ্য যে হীৰক জয়ন্তী উপলক্ষে অসম ভিত্তিত অনুষ্ঠিত হয় ৰচনা প্ৰতিযোগিতা। শনিবাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানৰ সভাত ৰচনা প্ৰতিযোগিতাৰ বিজয়ী সকললৈ মানপত্ৰ আৰু নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/97fe51d4-3cf5-4c96-bacc-d616c72e5d67/gu222.jpg)
আনাহতে, প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ড০ ভগৱান চন্দ্ৰ লহকৰ সোঁৱৰণী বক্তৃতা - শ্ৰী অৰবিন্দৰ দৃষ্টিত গীতাৰ আলোকত অৱতাৰ শ্ৰী কৃষ্ণ শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশিষ্ট আধ্যাত্মিক বক্তা শ্ৰী দিগন্ত বিশ্ব শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/214bcd45-2058-4b92-a928-9e2d05655da4/gu1111.jpg)
ড০ তোৰা মহন্ত আৰু ড০ অদিতি দাসে আঁত ধৰা মুকলি সভাৰ অন্তত প্ৰমোদ তালুকদাৰ সোঁৱাৰণী বৃদ্ধ আৱাসৰ ২৫ গৰাকী ককা-আইতাক দুখনিকৈ বস্ত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
সন্ধিয়া লোক-সংস্কৃতিৰ সাধক হীৰক জ্যোতি শৰ্মাই অতিথি শিল্পী হিচাপে উপস্থিত থাকে আৰু ৬১ গছি বন্তি প্ৰজ্বলন আৰু আটচবাজীৰে অনুষ্টুপীয়াকৈ আয়োজন কৰা হীৰক জয়ন্তীৰ সামৰণি পৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us