জি এম ডি এৰ ৯৭ লাখটকীয়া পাৰ্কিঙত যান-বাহনৰ গৰাকীয়ে নাৰাখে গাড়ী…

জি এম ডি এৰ ৯৭ লাখটকীয়া পাৰ্কিঙত যান-বাহনৰ গৰাকীয়ে নাৰাখে গাড়ী…

author-image
asomiyapratidin
New Update
জি এম ডি এৰ ৯৭ লাখটকীয়া পাৰ্কিঙত যান-বাহনৰ গৰাকীয়ে নাৰাখে গাড়ী…

ডিজিটেল ডেস্ক : সপোন স্মাৰ্ট চিটি গঢ়াৰ। স্মাৰ্ট চিটি গঢ়াৰ সপোন দেখা গুৱাহাটী মহানগৰীৰ পাণবজাৰস্থিত গাড়ী ৰখোৱা স্থানত ৰাইজে নাৰাখে গাড়ী। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ)য়ে মুঠ ৯৬.৮০ লাখ টকা ব্যয় কৰি লাখটকীয়া উৰুণীয়া সেতুৰ সমীপত ডেৰ মাহ পূৰ্বে এটা পাৰ্কিং প্লেছ মুকলি কৰিছিল। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ ভূমিত সজা এই পাৰ্কিং প্লেছ এতিয়া হৈ পৰিছে গুৰুত্বহীন।

গাড়ী ৰাখিবলৈ পাৰ্কিং প্লেছ সাজিছিল যদিও কোনো পৰিকল্পনা নোহোৱাকৈ সজা এই পাৰ্কিং প্লেছত গাড়ী ৰখোৱাত অসুবিধাত পৰিছে যান-বাহনৰ চালক-আৰোহী। কাৰণ বাহন ওলোৱা সুমুৱাৰ ক্ষেত্ৰত প্ৰায়ে বিপদৰ সন্মুখীন হয় চালকসকল। তদুপৰি এই পাৰ্কিং ব্যৱহাৰ কৰিলে নিজৰ কৰ্ম স্থানলৈ বহুদূৰ খোজ কাঢ়ি যাব লাগে। ইয়াৰ উপৰিও পল্টন বজাৰ দিশৰ পৰা অহা বাহন সমূহ উক্ত পাৰ্কিঙত ৰখাবলৈ প্ৰায় ডেৰ কিলোমিটাৰ পথ ঘূৰীবলগীয়া হয়।

সুপৰিকল্পনা অহিবনে এনেদৰে পাৰ্কিং প্লেছ নিৰ্মাণ কৰাৰ বাবে বৰ্তমানে খালী হৈ পৰি আছে পাৰ্কিংস্থলী। পাৰ্কিংৰ স্থানত গাড়ী ৰখাৰ পৰিৱৰ্তে যান-বাহন চালক-আৰোহীয়ে পথৰ দুয়োকাষে গাড়ী ৰখায়। পথৰ ওপৰত গাড়ী ৰখাৰ বাবে যান-যটৰ সৃষ্টি হয় কিন্তু এই ক্ষেত্ৰত মৌন পাণবজাৰ থানাৰ আৰক্ষী। কোনো সু-স্পষ্ট নীতি নিৰ্দেশনা নোহোৱাৰ বাবেই এনেদৰে পথৰ দাঁতিত গাড়ী ৰখাবলৈ সুযোগ পাইছে বাহনৰ গৰাকীয়ে।

এই পাৰ্কিং স্থানত ১২০ খন চাৰিচকীয়া বাহনৰ লগতে দুচকীয়া বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা আছে। গাড়ী ৰখাৰ বাবত বাহনৰ গৰাকীয়ে প্ৰথম দুঘন্টাত ২০ টকা আৰু পৰৱৰ্তী প্ৰতি ঘন্টাত ১০ টকাকৈ আদায় দিব লাগে। ইমান সুবিধাৰ পাছতো পৰিকল্পনা নোহোৱাকৈ বা সুপৰিকল্পনা অবিহনে সজা এই পাৰ্কিং স্থানত ১০খনো গাড়ী নাথাকে। ডেৰ মাহত প্ৰয়ভাগ দিনেই সম্পূৰ্ণ খালী হৈ থাকে এই বৃহত আকৃতিৰ পাৰ্কিং স্থান।

সাধাৰণ জনতাৰ ওপৰত আৰক্ষীয়ে কঠোৰ ভূমিকা লয় কিন্তু জি এম ডি এৰ পাৰ্কিং প্লেছৰ বিপৰীতে পথত গাড়ী ৰখোৱাৰ দৰে দায়িত্বজ্ঞানহীনতাৰ পৰিণতিত তীব্ৰ যান-যটৰ সৃষ্টি হৈ আহিছে। লগতে লাখ লাখ টকা খৰচ কৰি বনেৱা এই পাৰ্কিং প্লেছ আজি খালী হৈ থকাৰ বাবে জগৰীয়া জি এম ডি এৰ কৰ্তৃপক্ষ।  

আৰু পঢ়ক : বিশ্বৰ ১০ প্ৰদূষিত মহানগৰীৰ তালিকাত ভাৰতৰ দিল্লী আৰু কলকাতা…

assam himanta biswa sarma guwahati Assam police