অভিশপ্ত ১৪ টা বছৰ : অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায় ৩০ অক্টোবৰ...

২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীৰ কেইবাটাও স্থানত সংঘটিত হয় বোমা বিস্ফোৰণৰ ঘটনা

author-image
Asomiya Pratidin
New Update
অভিশপ্ত ১৪ টা বছৰ : অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায় ৩০ অক্টোবৰ...

30 october

ডিজিটেল ডেস্ক : ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীৰ কেইবাটাও স্থানত সংঘটিত হয় বোমা বিস্ফোৰণৰ ঘটনা। সেই দিনটোৱেই আছিল অসমৰ ইতিহাসৰ এটি অধ্যায়। গুৱাহাটীৰ লগতে পশ্চিম অসমৰ কেইবাটাও স্থানত সংঘটিত হয় এই ধাৰাবাহিক বিস্ফোৰণ।

Advertisment

এই বিস্ফোৰণে কঁপাই তোলে গুৱাহাটী মহানগৰীৰ গনেশগুৰিকে ধৰি পাণবজাৰ, ফাঁচী বজাৰৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাঁও। এই বিস্ফোৰণত মুঠ ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় ৪৭০ জন লোক ।

আজি সেই অভিশপ্ত দিনটোৱে অতিক্ৰম কৰিলে ১৪টাকৈ বছৰ। বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আকোৱালি লৈছিল পংগুত্ব, বহুজনে হেৰুৱাইছিল আত্মীয়ক। এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল এন.ডি.এফ.বিৰ ৰঞ্জন দৈমাৰী।

এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল। বৰ্তমানে কাৰাগাৰত জীৱন অতিবাহিত কৰিছে আটাইকেইজন দোষীয়ে।

assam bomb blast guwahati