/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr.jpg)
ডিজিটেল ডেস্ক: মহানগৰীৰ ভৰলুমুখত জঘন্য ঘটনা। এগৰাকী যুৱতীক ৪দিন ধৰি কোঠাৰ ভিতৰত আবদ্ধ কৰি ৪দিন ধৰি বলাৎকাৰ কৰাৰ অভিযোগ। মঙলবাৰে পোহৰলৈ আহে ঘটনা।
যুৱতীগৰাকীক বলাৎকাৰৰ অন্তত হত্যাৰ চেষ্টা যুৱকৰ। ঘৰৰ খিৰিকীৰে পাৰ হৈ কোনোমতে প্রাণৰক্ষা কৰে যুৱতীগৰাকীয়ে।
সুধিদ চৌধুৰীৰ নামৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। অভিযুক্ত সুধিদ চৌধুৰীৰ ঘৰ হাৰিয়ানাত আৰু ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ হায়দৰাবাদত।
ইতিমধ্যে যুৱতীগৰাকীক উদ্ধাৰ কৰিছে আৰক্ষীয়ে । অন্যহাতে অভিযুক্ত সুধিদ চৌধুৰী বৰ্তমান পলাতক। আৰক্ষীয়ে জব্দ কৰিছে যুৱকজনৰ বাহন। জব্দকৃত বাহনখনৰ নম্বৰ AS-01-EP-2535।
আৰু পঢ়ক: চিৰাঙৰ ভাৰত-ভূটান সীমান্তত দুবছৰীয়া শিশু নিৰুদ্দেশ, জলসিঞ্চনৰ নলাৰ পানীত উটি যোৱাৰ সন্দেহ …