/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/PROTIBEDON-1.jpg)
মহানগৰীৰ শুক্লেশ্বৰ মন্দিৰৰ সন্মুখত দেখা যায় একাংশ ভিক্ষাৰীক। কিন্তু দেখাতকৈ তেওঁলোকৰ সত্য বহু পৃথক। কোনোৱে যদি ভাত এমুঠিৰ বাবে ভিক্ষা খুজিছে কোনোৱে আকৌ ইয়াক বৃত্তি হিচাপে লৈছে। একাংশই আকৌ ভিক্ষা খুজি পোৱা টকাৰে খেলিছে জুৱা। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন…
মহানগৰীত আমি প্ৰায়েই দেখা পাও ফুটপাথৰ ওপৰত শুই বহি থকা একাংশ লোকক। তেওঁলোকৰো আছে অন্য এখন পৃথিৱী। কল্পনাতীত তেওঁলোকৰ জীৱন বৃত্তান্ত, পদপথত পিষ্ট জীৱনৰ মমতা।সেই পদপথৰ মানুহ খিনিৰ ওচৰলৈ আমি গৈছিলো তেওঁলোকৰ বিষয়ে জানিবলৈ। কিন্তু যি সাধাৰণতে দেখা যায় সেয়া সত্য নহয়। প্ৰতিটো চেহেৰাৰ মাজতেই আছে অন্য এক কাহিনী।
আমি এই সন্দৰ্ভত জানিবলৈ উপস্থিত হৈছিলো গুৱাহাটী মহানগৰীস্থিত শুক্লেশ্বৰ মন্দিৰত। প্ৰায়েই দেখা যায় মন্দিৰৰ সন্মুখৰ ফুটপাথত এখন কাপোৰ পাৰি বহি থাকে শিশুৰ পৰা বৃদ্ধালৈ। কোনোবাই দিছে খাইছে, কোনোবাই দিয়া নাই খোৱা নাই। একাংশই আকৌ দাবী কৰিছে।
এই সন্দৰ্ভত এগৰাকী মহিলাৰ লগত কথা পাতি গ'ম পালো যে তেওঁ গোলাঘাটৰ বাসিন্দা। তেওঁৰ মন্দিৰৰ ওচৰতে আছে ভাড়াঘৰ, য'ত নিজৰ স্বামী আৰু সন্তানৰ লগত থাকে।তেওঁৰ স্বামীয় মন্দিৰৰ ওচৰতে কাম কৰে আৰু তেওঁ দিনটো খুজিবৰ বাবে ওলাই আহে। প্ৰায় ৪০ বছৰ বয়সীয়া মহিলা গৰাকীয়ে কয় যে ''মই নিশা ভাড়াঘৰত থাকো আৰু দিনত ওলাই আহো। কেতিয়াবা কোনো ভক্ত নহ'লে মন্দিৰৰ তৰফৰ পৰা খাব দিয়ে। সন্ধিয়া ঘৰলৈ যাঁও''। ইয়াৰ পৰা গ'ম পোৱা যায় যে মহিলা গৰাকীয়ে বাধ্যত পৰি খুজিব লগা হোৱা নাই। দেখাত সুস্থ সবল মহিলা গৰাকীয়ে এনেদৰে ভিক্ষাক বৃত্তি হিচাপে লোৱা কাৰ্য সঁচাকৈয়ে চিন্তনীয়।
শুক্লেশ্বৰ ঘাটৰ ফুটপাথত প্ৰায় ৩ বছৰ ধৰি বাস কৰি অহা ৫০ৰো উৰ্ধৰ এগৰাকী মহিলাই কয় যে তেওঁ বহু বছৰৰ পৰা ফুটপাথতে বাস কৰি আহিছে। মহিলা গৰাকীৰ লগত এটি শিশু আৰু তেওঁৰ স্বামী থাকে। মহিলা গৰাকীয়ে জনোৱা অনুসৰি শিশুটি তেওঁ কন্যাৰ। মহিলা গৰাকীৰ ঘৰ বঙাইগাঁৱত কিন্তু প্ৰায় ৩ বছৰ ধৰি ইয়াতেই বাস কৰি আছে। ৰ'দ,বৰষুণ কাটি কৰি ফুটপাথতে শুইছে। কেতিয়াবা ভোকতে কটাইছে নিশা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-17-at-3.51.01-PM-1-768x1024.jpeg)
কিন্তু ইয়াৰ পাছতেই পল্টাচু নামৰ এগৰাকী ব্যক্তিয়ে কিছু বিস্ফোৰক মন্তব্য কৰে। তেওঁ জনোৱা অনুসৰি তেওঁ বিহাৰৰ পৰা ১৯৭১ চনতেই ইয়ালৈ আহিছে আৰু তেতিয়াৰ পৰা ইয়াতেই থাকে।কিন্তু প্ৰায় ১ বছৰ ধৰি নিৰুদ্দেশ হৈ আছে তেওঁৰ পত্নী। ব্যক্তি গৰাকীয়ে একাংশ আশ্ৰমৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি কয় যে বহু আশ্ৰমৰ পৰা লোক আহি উঠাই নিয়ে। এই সন্দৰ্ভত আৰক্ষীক জনোৱা বুলি আমাক জনাইছে যদিও ইয়াৰ কোনো প্ৰমাণ তেওঁৰ হাতত নাছিল।
পল্টাচু নামৰ ব্যক্তি গৰাকীৰ আছে এটি ৰুগীয়া পুত্ৰ,যাৰ লগত ফুটপাথতে থাকে তেওঁ।এনেদৰে চলিছে জীৱন। কেতিয়াবা ৰিক্সা চলাই আৰু নিশা আহি ফুটপাথত কটাই।ৰুগীয়া পুত্ৰৰ বাবে চিন্তিত তেওঁ। কাৰো পৰা পোৱা নাই কোনো সাহায্য।
আন এগৰাকী বাবাই একাংশ আশ্ৰমৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে ছয়মাইল, আঠগাঁও, সাতগাঁও আদি বিভিন্ন ঠাইৰ আশ্ৰমৰ পৰা লোক আহি তেওঁলোকক উঠাই নি ফটো উঠাই আৰু পিছত উভতাই পঠাই। তেওঁলোকৰ অভিযোগ অনুসৰি এনেদৰে ফটো তুলি আশ্ৰম সমূহে বিভিন্ন জনৰ পৰা টকা সংগ্ৰহ কৰে যি তেওঁলোকক নিদিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-17-at-3.51.01-PM-768x1024.jpeg)
কিন্তু ইয়াৰ মাজতে শুক্লেশ্বৰৰ মন্দিৰৰ সমীপত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী ছবি। আমি প্ৰায়েই দেখা পাঁও যে একাংশই ভীক্ষাক বৃত্তি হিচাপে লৈ চলি আছে।যিয়ে মানুহৰ পৰা ধন দাবী কৰিবলৈও কুণ্ঠাবোধ নকৰে। একাংশ ভুৱা ভিক্ষাৰীৰ বাবে সমস্যাত পৰিছে প্ৰকৃত ভিক্ষাৰী সকলো। একাংশ এনেকুৱা লোক আছে যিয়ে ভিক্ষাক পেচা হিচাপে লৈ খুজিছে আৰু পিছত ঘৰলৈ উভতি গৈছে।
এজন কিশোৰৰ লগত কথা পতাত তেওঁ কয় যে তেওঁ আইতাকৰ লগত পুৱা ইয়ালৈ আহে আৰু সন্ধিয়া ঘৰলৈ উভতি যায়। কিশোৰটি আৰু আইতাকে দিনটো ভিক্ষা খুজে। কিশোৰটিৰ আছে পিতৃ-মাতৃ,যিয়ে কৰে দিন হাজিৰা। তাৰ পাছতো এনেদৰে ভিক্ষা খুজা কাৰ্য সঁচাকৈয়ে আচহুৱা।
শুক্লেশ্বৰ মন্দিৰৰ সন্মুখত প্ৰায়েই দেখা যায় চাৰি পাঁচ গৰাকী লোকৰ এটা গোট, যিয়ে প্ৰায় ভাগ সময় তাচপাত খেলি থকা। তেওঁলোকৰ লগত কথা পাতিব বিচৰাত কোনো মন্তব্য নিদিলেও ওচৰৰ পাজৰৰ মানুহৰ লগত কথা পাতি গ'ম পোৱা গ'ল এক ভয়ংকৰ সত্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/guwa.png)
৫০ৰ উৰ্ধৰ লোক কেইজন বিহাৰৰ আৰু তেওঁলোকে নিশা ৰেল ষ্টেচনত থাকে। তেওঁলোকে দিনটো ভিক্ষা খুজে আৰু খুজি পোৱা টকাৰে জুৱা খেলে। বহুদিন ধৰি এনেদৰেই চলি আছে তেওঁলোকে। কেৱল ইমানেই নহয় লাখটকীয়াৰ ওচৰৰ অঞ্চলক তেওঁলোকে ভিক্ষা খুজি পোৱা টকাৰে তীৰো খেলে বুলি জানিবলৈ দিয়ে ব্যক্তি গৰাকীয়ে।
ভিক্ষা খুজা এই লোক সকলৰ সত্য সঁচাকৈয়ে আচৰিত। একাংশই বাধ্যত পৰি ভিক্ষা খুজাৰ বিপৰীতে একাংশই বৃত্তি হিচাপে লৈ জনতাক হাৰাশাস্তি কৰিছে। লক্ষ্য কৰিলে দেখা যায় যে মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে ভিক্ষাৰীৰ সংখ্যা। ভুৱা ভিক্ষাৰী বা একাংশ আশ্ৰমৰ বিৰুদ্ধে উঠা অভিযোগ সমূহ সঁচাকৈয়ে চিন্তনীয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us