মহানগৰীৰ বহু স্থানত অপৰিৱৰ্তিত বান পৰিস্থিতি

মহানগৰীৰ বহু স্থানত অপৰিৱৰ্তিত বান পৰিস্থিতি

author-image
asomiyapratidin
New Update
মহানগৰীৰ বহু স্থানত অপৰিৱৰ্তিত বান পৰিস্থিতি

ডিজিটেল ডেস্ক: ঠায়ে ঠায়ে মহানগৰীৰ কৃত্ৰিম বান শুকালেও মহানগৰীত কৃত্ৰিম বানৰ পৰস্থিতি এতিয়াও উন্নত হোৱা নাই। অনিল নগৰ, নবীন নগৰৰ লগতে ডাউন টাউন, চাৰভে আদি অঞ্চল এতিয়াও কৃত্ৰিম বানৰ কবলত।

ইফালে ভৰলুকে ধৰি গুৱাহাটীৰ পৰা পানী ওলাই যোৱা নদী সমূহ পানীৰে ভৰি থকাৰ মহানগৰীৰ পৰা পানী নিষ্কাষণৰ গতিও হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত পানী শুকোৱা নাই এই স্থান সমূহত।

চাৰভে সমীপত ফুটপাথৰ ওপৰেৰেও বুধবাৰে পানী বৈয়ে আছে। আনহাতে মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লবলৈ এক সঁজাতি দল লৈ ভূপেন বৰাই বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে।

কৃত্ৰিম বান প্ৰতিৰোধ বিফল হোৱাৰ অভিযোগ তুলি কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নোলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

আৰু পঢ়ক: ৩৫০ বছৰীয়া পৰম্পৰাৰে বটদ্ৰৱাত "দৌলৰ বাটৰ নাম" উৎসৱ

assam flood guwahati