আমেৰিকাৰ পৰা ৰাজস্থান হৈ অসমলৈ অহা ব্যক্তিৰ দেহত কোভিডঃ অমিক্ৰনৰ পৰীক্ষাৰ বাবে নমুনা পঠিওৱা হৈছে কলকাতালৈ…

আমেৰিকাৰ পৰা ৰাজস্থান হৈ অসমলৈ অহা ব্যক্তিৰ দেহত কোভিডঃ অমিক্ৰনৰ পৰীক্ষাৰ বাবে নমুনা পঠিওৱা হৈছে কলকাতালৈ…

author-image
asomiyapratidin
New Update
ভুৱা এনকাউণ্টাৰঃ ৰাজ্য চৰকাৰক ২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ…

ডিজিটেল সংবাদ গুৱাহাটীঃ বৰঝাৰ বিমানবন্দৰত পুনৰ কোভিড পজিটিভৰ ঘটনা। দিনক-দিনে আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীৰ দেহত কোভিড পজিটিভ ধৰা পৰা ঘটনাই এতিয়া চিন্তিত কৰিছে ৰাজ্যবাসীক। সোমবাৰে বৰঝাৰ বিমানবন্দৰত থকা স্ক্ৰীনিং চেন্টাৰত পজিটিভ ধৰা পৰে এগৰাকী লোক । সন্ধিয়াৰ সময়ত বিমানবন্দৰত লোকগৰাকীৰ দেহত ধৰা পৰিছিল কোভিডৰ উপস্থিতি।

Advertisment

আমেৰিকাৰ পৰা অহা ১৯ বছৰীয়া এগৰাকী লোকৰ দেহত ধৰা পৰিছে ৰেট পজিটিভ । উল্লেখ্য যে লোকগৰাকী যোৱা ১৫ ডিচেম্বৰত আমেৰিকাৰ পৰা ৰাজস্থানলৈ আহিছিল।ইয়াৰ পিছত সোমবাৰে সন্ধিয়া বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল।

লোকগৰাকীক বৰ্তমান GMCHত ভৰ্তি কৰোৱা হ'ব বুলি জানিবলৈ দিয়ে বিমানবন্দৰত থকা স্বাস্থ্যবিভাগে। আনহাতে অমিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লোকগৰাকীৰ কোভিডৰ নমুনা পঠিওৱা হ'ব কলকাতালৈ । কলকাতাত অমিক্ৰনৰ টেষ্ট কৰা হ'ব লোকগৰাকীৰ।